গুৱাহাটীঃ মহানগৰৰ জ্যোতিনগৰত ২৫ জুলাইত সংঘটিত হোৱা চুৰিকাণ্ডৰ লগত জড়িত দুজনক আটক। চি চি টিভিৰ ফুটেজ পৰীক্ষা কৰি চান্দমাৰী আৰক্ষীয়ে আটক কৰে দুই চোৰক। আটকাধীন চোৰ দুটা বামুনীমৈদামৰ বিশ্বজিত সূত্ৰধৰ ওৰফে টিকলা গাহৰি আৰু জ্যোতিনগৰৰ বাবুল আলী বুলি জানিব পৰা গৈছে।
জানিব পৰা অনুসৰি, জ্যোতিনগৰৰ বাসিন্দা ৰাকেশ শৰ্মাৰ ঘৰত যোৱা ২৫ জুলাইত ঘৰত কোনো নথকাৰ সুযোগ লৈ দিন দুপৰতে দুটা চোৰে আহি ঘৰৰ তলা ভাঙি নগদ ধন আৰু বহু মূল্যবান সামগ্ৰী লুটি নিছিল৷ ঘটনা সন্দৰ্ভত ভুক্তভোগী ৰাকেশ শৰ্মাই চান্দমাৰি থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৰাকেশ শৰ্মাৰ ঘৰৰ চি চি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি দুই চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।