গুৱাহাটীঃ মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে অপৰাধীৰ সংখ্যা। বৃহস্পতিবাৰে মহানগৰীত আৰক্ষীয়ে পৃথকে পৃথকে চলোৱা অভিযানত আটক চোৰসহ, অবৈধ সুৰা ব্যৱসায়ী।

হাতীগাওঁ আৰক্ষীৰ এটা দলে চলোৱা অভিযানত আটক এটা চাইকেল চোৰ। চোৰটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে দুখন চাইকেল। জব্দ কৰা চাইকেল দুখনৰ মূল্য প্ৰায় ২লাখ টকা।

লগতে পঢ়কঃনিশা মহানগৰীৰ নুনমাটিত অগ্নিকাণ্ডৰ ঘটনা

ইফালে প্ৰাগজ্যোতিষপুৰ আৰক্ষীথানাৰ অন্তৰ্গত GDPDৰ এটা দলে প্ৰাগজ্যোতিষপুৰৰ পৰা অভিযান চলাই আটক কৰে এটা অবৈধ সুৰা ব্যৱসায়ীক।

আৰক্ষীয়ে সুৰা ব্যৱসায়ীটোৰ পৰা ১৭০৪বটল বিদেশী সুৰাৰ সৈতে ৩০টাকাৰ্টুনৰ লগতে এখন ইক’ গাড়ী জব্দ কৰে।

আটকাধীন সুৰা ব্যৱসায়ীটো নলবাৰীৰ ২নং ধানকুণ্ডাৰ যদুমণি হালৈ বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply