গুৱাহাটীৰ পৰা ছৰফৰাজ খানঃ এটাৰ পিছত আনটো অপৰাধ সংঘটিত হৈছে মহানগৰী গুৱাহাটীত। মহানগৰীত অপৰাধ ৰোধৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিফল হৈছে মহানগৰ আৰক্ষী। চুৰি, ডকাইতি, হত্যাৰ ঘটনাত পৰিণত হৈছে গুৱাহাটী মহানগৰী।

সোমবাৰে নিশা হাতীগাঁৱত সংঘটিত হোৱা এক নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছিল মহানগৰ গুৱাহাটী। ইয়াৰ পিছত পুনৰ এক অপৰাধজনিত ঘটনা সংঘটিত হৈছে। এইবাৰ এক চাঞ্চল্যকৰ চুৰিকাণ্ডই জোকাৰি গৈছে গুৱাহাটী মহানগৰী।

লগতে পঢ়কঃৰঙিয়াত তেজেৰে লুতুৰি পুতুৰি অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

হাতীগাঁৱত এজন ইমামৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ২৪ ঘণ্টাৰ ভিতৰতে মহানগৰ আৰক্ষীক চোৰে অপেন চেলেঞ্জ দি লুটি নিলে দুটাকৈ মন্দিৰ। নিশা ভেটাপাৰাৰ শিৱ মন্দিৰ আৰু গনেশ মন্দিৰত চোৰে চলালে চাফাই অভিযান।

মন্দিৰ দুটাত সফলতাৰে চাফাই অভিযান চলাই চোৰে লুটি নিয়ে মন্দিৰ দুটাৰ দানপাত্ৰৰ লগতে সোণ আৰু ৰূপৰ অলংকাৰ লগতে ভগৱান শিৱ আৰু গণেশৰ মূৰ্তি পেলাই থৈ যায়। এই জঘন্য ঘটনাই সমগ্ৰ ভেটাপাৰা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply