গুৱাহাটী: মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মহানগৰীৰ কালাপাহাৰত গুৱাহাটীত নিৰ্মাণ হ’বলগীয়া দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ ভূমিপুজন অনুষ্ঠানত ভাগ লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।
৯৯৮.৩০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া চিকিৎসা মহাবিদ্যালয়খন অহা ২-৩ বছৰৰ ভিতৰত অৰ্থাৎ ২০২৫ চনৰ ভিতৰত নিৰ্মাণ কৰি তোলাৰ লক্ষ্য লোৱা হৈছে বুলি মুখ্য মন্ত্ৰীয়ে জানিবলৈ দিয়ে।
মুখ্য মন্ত্ৰীয়ে জনোৱা মতে ২০২১ চনত ২৫ জুলাইত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আধাৰশিলা স্থাপন কৰা নতুন মহাবিদ্যালয়খনৰ দায়িত্ব Larsen & Toubro Ltdক অৰ্পন কৰা হৈছে।
কালাপাহাৰৰ পূৰ্বৰ টিবি হস্পিটালৰ স্থানত নিৰ্মাণ হ’বলগীয়া চিকিৎসা মহাবিদ্যালয়খনৰ সৈতে পানবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটালক আন এক কেম্পাছ হিচাপে সংযোগ কৰা হ’ব বুলি মুখ্য মন্ত্ৰীয়ে জনায়।
চৰকাৰৰ সাধাৰণ প্ৰক্ৰিয়াৰ পৰা আঁতৰাই ইয়াক স্পেছিয়েল প্ৰজেক্ট হিচাপে ঘোষণা কৰা বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত বিলৰ কাৰণতে দিছপুৰ বা মুখ্য অভিযন্তা বা সঞ্চালকৰ কাৰ্য্যালয়লৈ তাঁত-বাটি কৰি থাকিব নালাগে।
৫০০ খন বিচনাযুক্ত প্ৰস্তাৱিত নতুন চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণৰ মান্দণ্ড তদাৰক কৰিবলৈ প্ৰজেক্ট মেনেজমেণ্ট কন্সালটেনচি (PMC) নিয়োগ কৰা হ’ব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।
ভাষণ প্ৰসংগত তেওঁ কয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়, গুৱাহাটীৰ চানচাৰিত নিৰ্মাণ হৈ উঠিব লগীয়া এইমছ আৰু কালাপাৰৰ নতুন চিকিৎসা মহাবিদ্যালয়ে গুৱাহটীক অনাগত দিনত দক্ষিণ পূব এছিয়াৰ ভিতৰত চিকিৎসাৰ ক্ষেত্ৰত এখন প্ৰধান মহানগৰত পৰিণত কৰিব।
মুখ্য মন্ত্ৰীয়ে সভাত জনোৱা মতে নতুন চিকিৎসা মহাবিদ্যালয়ৰ নাম হ’ব ‘প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়’।
আজি উক্ত অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্ৰবৰ্তী, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্ছিটি অৱ হেলথ ছায়েন্সৰ উপাচাৰ্য্য ধ্ৰুৱজ্যোতি বৰা উপস্থিত থাকে।
লগতে পঢ়ক – পাকিস্তানত ধৰ্মীয় গ্ৰন্থক ‘অসন্মান’ কৰাৰ অভিযোগত এজনক শিলগুটি দলিয়াই হত্যা