নিউজ ডেস্ক: গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত এখন নতুন দলং নিৰ্মাণ কৰা হ’ব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে জানিবলৈ দিয়ে। ৰে’ল আৰু পথ সংযোগী নতুন দলংখন শৰাইঘাট দলঙৰ কাষতে নিৰ্মাণ কৰা হ’ব।

বুধবাৰে টুইটাৰ যোগে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে এই কথা সদৰী কৰি দলংখনৰ নিৰ্মাণৰ বাবে ৯৯৬.৭৫ কোটি টকা অনুমোদন কৰা হৈছে বুলি জানিবলৈ দিয়ে।

“প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ #GatiShakti-ৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ লক্ষ্যৰে গুৱাহাটীত বৰ্তমানৰ শৰাইঘাট দলঙৰ কাষত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ৰেল আৰু পথ সংযোগী দলঙৰ প্ৰকল্পৰ বাবে ৯৯৬.৭৫ কোটি টকা অনুমোদন জনোৱা হৈছে…#PragatiKaHighway”

 দলংখনৰ নিৰ্মাণত হ’বলগীয়া ব্যয় NHAI আৰু ৰে’ল মন্ত্ৰালয়ে বহন কৰিব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ৩২২ কোটি টকাৰে approaches/viaducts সম্পূৰ্ণ নিৰ্মাণ NHAI-এ কৰিব।

লগতে পঢ়ক – ভাৰতত ৫ বছৰৰ বাবে নিষিদ্ধ পি এফ আই, ৮ সহযোগী সংগঠন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply