গুৱাহাটীত যান-বাহনৰ চলাচল সাল-সলনি
গুৱাহাটীত যান-বাহনৰ চলাচল সাল-সলনি

গুৱাহাটী- দুদিনৰ বাবে গুৱাহাটীত সাল-সলনি হ’ব পথৰ চলাচল।

১৮,১৯মাৰ্চত বিশাল ৰেলীৰে কেইবাগৰাকীয়ো প্ৰভাৱশালী ৰাজনৈতিক নেতাই দাখিল কৰিব মনোনয়ন পত্ৰ।

১৮মাৰ্চত পূব গুৱাহাটী সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী সিদ্ধাৰ্থ ভট্টাচাৰ্যই মনোনয়ন দাখিল কৰিব আনহাতে ১৯ মাৰ্চত জালুকবাৰী সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিব মনোনয়ন পত্ৰ।

এই নেতাকেইগৰাকীৰ উপৰিও বহু প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন৷

যাৰ বাবে মহানগৰ যান-বাহন আৰক্ষীয়ে এই নিৰ্দেশনা জাৰি কৰিছে।

এই নতুন নিৰ্দেশনা অনুসৰি মালিগাঁৱৰ পথৰ পৰা আহিলে ভৰলুত ইউ টাৰ্ন লৈ এটি ৰোড হৈ যাব লাগিব।

শৰাইঘাটৰ দিশৰ পৰা গুৱাহাটীলৈ আহিলে হাইৱে’ হৈ গুৱাহাটীত প্ৰৱেশ কৰিব লাগিব।

ৰাজপথৰ কাষত থকা অস্থায়ী দোকানবোৰ এই দুদিনৰ বাবে আঁতৰ কৰিব লাগিব৷

‘মেঘদূত ভৱন’ৰ সন্মুখত কোনো গাড়ী ৰাখিব নোৱাৰিব।

টিটী পইণ্ট, ৰটাৰি ক্লাবত গাড়ী পাৰ্কিং কৰিব পাৰিব। ভূতনাথ, লাচিতঘাটত পাৰ্কিঙৰ ব্যৱস্থা থাকিব।

চানমাৰি ফালৰ পৰা অহা লোকসকলে ৰিজাৰ্ভ বেংকৰ সন্মুখৰে এটিৰোড হৈ ওলাই যাব পাৰিব ৷

হেম বৰুৱা ৰোড আৰু এটি ৰোড পাৰ্কিংমুক্ত কৰা হ’ব৷

মালিগাঁৱৰ পৰা অহা লোকসকলে এটিৰোড হৈ আহিব লাগিব জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ ।

এই দুদিন এম জি ৰোড ৰাইজক ব্যৱহাৰ নকৰিবলৈ যান-বাহন আৰক্ষীয়ে অনুৰোধ জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply