আপোনাৰ গাড়ীখন যদিহে বহুদিন মহানগৰৰ পথত ৰাখি থৈছে তেন্তে সোনকালে আঁতৰ কৰক৷
মহানগৰীৰ ৰাজপথৰ কাষত ৰখাই থোৱা বাহনসমূহ ২৮ মে’ৰ পৰা যানবাহন আৰক্ষীয়ে জব্দ কৰি উঠাই নিব আপোনাৰ বাহনখন৷
এতিয়াৰে পৰা মহানগৰবাসীয়ে ৰাজপথৰ কাষত ৰখাব নোৱাৰিব পৰিত্যক্ত বাহন। সংবাদমেলযোগে এই কথা জনালে যান–বাহন শাখাৰ DCP প্ৰাণজিৎ বৰাই। বহু লোকে ৰাজপথৰ ওপৰতে অবৈধভাৱে ৰখাই থয় ব্যৱহাৰৰ অনুপযোগী বাহন। ২৭মে’ৰ ভিতৰত পথৰ পৰা গৰাকীয়ে আঁতৰাব লাগিব তেনে বাহনসমূহ। অন্যথা যান–বাহন আৰক্ষীয়ে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব।
৪ মে’ৰ পৰা ২২মে’লৈ গুৱাহাটীত নিয়ম নমনা লোকৰ পৰা ১৪ লাখ৮৪ হাজাৰ ৫০০টকাৰ জৰিমনা বিহিছে মহানগৰ যান–বাহন আৰক্ষীয়ে। ১১৮৫জন লোকৰ পৰা সংগ্ৰহ এই জৰিমনা। গোচৰ ৰুজু হৈছে ৩২০০টা। জব্দ কৰা হৈছে ৪৩৯খন বাহন।
লগতে পঢ়ক ৫ ছেপ্টেম্বৰৰ ভিতৰত সকলোবোৰ পৰীক্ষা প্ৰক্ৰিয়া অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তাৱ ৰখা হৈছে: শিক্ষামন্ত্ৰী