গুৱাহাটীঃ দুদিনীয়াকৈ অসম ভ্ৰমণলৈ আহিছে গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰীৰ ভ্ৰমণকলৈ মহানগৰীত যান-বাহন চলাচলৰ ক্ষেত্ৰত পথৰ সাল-সলনি কৰা হৈছে। আজি পুৱা ৪ বজাৰ নিশা ৯বজালৈকে লঘু, মধ্যম আৰু বাণিজ্যিক বাহনৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ডি জি ৰোড, এটি ৰোড, এম জি ৰোড, কেএলবি ৰোড, জি এন বি ৰোড, তইবুল্লাহ ৰোড, বি বৰুৱা ৰোড আৰু জি এছ ৰোডত বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে।

লগতে পঢ়কঃটীয়কত ৰহস্যজনক ঘটনাঃ চীপ লোৱা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

১০মে’তো পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈকে থাকিব এই নিষেধাজ্ঞা জাৰি থাকিব। লঘু, মধ্যম আৰু বাণিজ্যিক বাহন সমূহ জিএনবি ৰোড, বি বৰুৱা ৰোড, বি কে কাকতি ৰোডত চলাচল কৰিব নোৱাৰিব। ৰাতিপুৱা ৭বজাৰ পৰা ৯বজালৈ সকলো ধৰণৰ লঘু, মধ্যম বা বাণিজ্যিক বাহন জি এছ ৰোড আৰু পাঞ্জাবাৰী ৰোডত চলাচলত বাধা আৰোপ কৰিছে। ২৭নং,১৭নং ৰাষ্ট্ৰীয় ঘাইপথতো চাৰি চকাযুক্ত অথবা ততোধিক চকাযুক্ত বাহন চলাচলত বাধা আৰোপ কৰা হৈছে। অমিত শ্বাহৰ অসম ভ্ৰমণৰ প্ৰতি লক্ষ্য থাকি পথৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply