নিউজ ডেস্কঃ আজি গুৱাহাটী মহানগৰীত পুৱা ৫ বজাৰ পৰা বন্ধ কৰা হয় সকলো পেট্ৰ’ল পাম্প। ২৪ ঘন্টাৰ বাবে অৰ্থাৎ শুকুৰবাৰে পুৱা ৫ বজাৰ পৰা শনিবাৰৰ পুৱা ৫ বজালৈকে এই বন্ধ ঘোষণা কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰলিয়াম ডিলাৰ্ছ এছচিয়েশ্যনে।
তাৰ মাজতে আজি আহিছে এক আচৰ্যজনক খবৰ। এগৰাকী যাত্ৰীয়ে উবেৰ বুকিং কৰে গুৱাহাটীৰ ৰিহাবাৰীৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰলৈ। আৰু বিমানবন্দৰলৈ যাবলৈ তেওঁৰ মোবাইল স্ক্ৰীণত উবেৰত দিবলগীয়া ভাড়া ১৮০০ টকাৰো অধিক দেখুৱায়।

শুকুৰবাৰে ৰিহাবাৰীত বাস কৰা শ্বুটি চৌধুৰী নামৰ এগৰাকী যুৱতীয়ে বৰঝাৰ বিমান বন্দৰলৈ এখন উবেৰ বাহন বুক কৰে। তেওঁ এক বিশেষ কৰ্মসূত্ৰে গুৱাহাটীৰ পৰা দিল্লীলৈ ওলাইছিল। আৰু তাৰ বাবে তেওঁ বাসগৃহ অৰ্থাৎ ৰিহাবাৰীৰ পৰা বিমান বন্দৰলৈ এই উবেৰখন বুকিং কৰে।
তেওঁ প্ৰথমে উবেৰ বাহনখন বুকিং কৰে। পাছত বিমানবন্দৰ অভিমুখে আগবাঢ়ি যোৱাত আজি হোৱা ধাৰাসাৰ বৃষ্টিপাতৰ ফলত ট্ৰেফিকৰ মাজত কিছু অতিৰিক্ত সময়ৰ বাবে আৱদ্ধ হৈ পৰে, যাৰ ফলত তেওঁৰ ভাড়া হিচাপে উবেৰ চালক গৰাকীক ১৮৫১ টকা দিবলগীয়া হয়। এই ভাড়াৰ পৰিমান চাবলৈ গ’লে আচৰ্যজনক।
যুৱতীগৰাকীয়ে এই সন্দৰ্ভত কয়- ”আজি দিনৰ ১২.৪০ বজাত মই যাবলগীয়া দিল্লী অভিমুখী বিমানখনৰ উৰণৰ সময় আছিল। মই প্ৰায়ে উবেৰ ব্যৱহাৰ কৰো। আজি বৰষুণ হৈ আছিল আৰু মই ভাবিছিলোৱেই যে ভাড়া কিছু বেছি দিব লাগিব। কিন্তু আজি বিমান বন্দৰলৈ যাবলৈকে ১৮৫১ টকা ভাড়া দিবলগীয়া হৈছে। অৱশ্যে মোৰো কোনো বিকল্প নাছিল সেয়েহে মই এই অস্বাভাৱিক ভাড়াখিনি দিলো। মই যেতিয়া আজি কিয় ইমান ভাড়া হৈছে বুলি চালকজনক সুধিলো, তেওঁ ক’লে- আজি পেট্ৰ’ল পাম্প বন্ধ বাইদেউ, গাড়ী নাই, সেইকাৰণে বেছি।’

উল্লেখযোগ্য যে, এতিয়াৰ সময়ত উবেৰ বা আনবোৰ এনে সেৱা প্ৰদান কৰা অনলাইন এপবোৰৰ জৰিয়তে যাতায়ত কৰা অত্যাধিক খৰচী হৈ পৰিছে। উদাহৰণ স্বৰূপে ছয় মাইলৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰলৈ যাবলৈ আপুনি দিব লাগিব ১৩৫০ৰ পৰা প্ৰায় ১৫০০ টকা পৰ্যন্ত ভাড়া। বিশেষকৈ আজি ঘোষণা কৰা ২৪ ঘন্টীয়া পেট্ৰ’ল পাম্প বন্ধৰ পাছত ইয়াৰ প্ৰভাৱ আৰু বেছিকৈ পৰিছে যাত্ৰীবাহী বাহনসমূহৰ ভাড়াৰ ক্ষেত্ৰত।