বাতিল নহয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা
বাতিল নহয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা

গুৱাহাটীঃ কভিড-১৯ৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বহু কেইটা গুৰুত্বপূৰ্ণ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়েও ডিব্ৰুগড় জিলাত ৩২৩ গৰাকী ব্যক্তি কভিড-১৯ত আক্ৰান্ত হোৱাৰ বাবে বিশ্ববিদ্যালয়ৰ সকলো শ্ৰেণীৰ পৰীক্ষা স্থগিত ৰখাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সকলো মহাবিদ্যালয় আৰু অধ্যয়ন কেন্দ্ৰৰ পৰীক্ষা সমূহো স্থগিত ৰাখিছে।

এনে সময়তে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰিলে এক নিৰ্দেশনা।

বাতিল নহয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ পি জি ফাষ্ট ছেমিষ্টাৰৰ পৰীক্ষা।

পূৰ্বে নিৰ্ধাৰিত সময়সূচী অনুসৰিয়েই অনুষ্ঠিত হ’ব পৰীক্ষা।

অৱশ্যে পৰীক্ষাত উপস্থিত থাকিব নোৱাৰা পৰীক্ষাৰ্থীয়ে নিয়ন্ত্ৰকক অৱগত কৰিব লাগিব আৰু অনুপস্থিত পৰীক্ষাৰ্থীসকলৰ বাবে পৰৱৰ্তী সময়ত পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিৰ্দেশনাত উল্লেখ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply