গুৱাহাটীঃ ৰাজ্যত কৰোনাই ক্ৰমান্বয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে।

সোমবাৰে দিনটোতে কামৰূপ মহানগৰ জিলাত কোভিড আক্ৰান্তৰ সংখ্যা এহেজাৰ অতিক্ৰম কৰি ১১৫৩ হৈছে ।

গুৱাহাটীত আক্ৰান্ত সহস্ৰাধিক হোৱাৰ লগে লগে বন্ধ হৈ পৰিছে শিক্ষানুষ্ঠান।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সকলো পৰীক্ষা ১১ মে’লৈ স্থগিত।

১১ মে’লৈ বন্ধ থাকিব হোষ্টেলসমূহো।

আনহাতে চলি থকা স্নাতক পৰীক্ষা স্থগিত ৰাখিলে কটন বিশ্ববিদ্যালয়ে।

বিশ্ববিদ্যালয়খনৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাও বাতিল কৰিছে কৰ্তৃপক্ষই।

সোমবাৰৰ দিনটোত কভিডৰ মৃত্যুৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পাইছে ।

আনহাতে সমগ্ৰিক ভাবে সোমবাৰৰ দিনটোত ৭১,১৮১ গৰাকী লোকৰ কোভিড পৰীক্ষা কৰাৰ অন্তত এই ৰোগত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছে গৈ ৩১৩৭ জন ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply