গুৱাহাটী- শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিবাসত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

বিশ্ববিদ্যালয়খনৰ গান্ধী ভৱন ছাত্ৰী নিবাসত সংঘটিত হয় এই ঘটনা।

বৈদ্যুতিক বিসংগতিৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিবলৈ পৰা গৈছে।

এই ঘটনাত কথমপি ৰক্ষা পৰে ছাত্ৰী সকল। এই দুৰ্ঘটনাত কোনো আহত হোৱা নাই বুলি জানিব পৰা গৈছে।

অগ্নিকাণ্ডৰ ফলত জাহ যায় বহু কিতাপ-পত্ৰৰ লগতে , সা-সম্পত্তি। ঘটনাস্থলীত লগে লগে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ, আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয় জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply