নিউজ ডেস্ক: গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডল কেলেংকাৰীক লৈ এতিয়াও ওলোৱা গৈ নাই সমাধান সুত্ৰ | এই ঘটনাৰ বাবে বহু সংখ্যক ছাত্ৰ ছাত্ৰীৰ ভবিষ্যত এতিয়াও অনিশ্চয়তাত ৷সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ বৈঠকত এই কেলেংকাৰীক লৈ উতপ্ত হয় ৷ পল্লৱ ভট্টাচাৰ্যই দাখিল কৰা ৭০ পৃষ্ঠাজোৰা প্ৰতিবেদন গ্ৰহণ কৰা নকৰাক লৈ বৈঠকত উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এই প্ৰতিবেদন গ্ৰহন কৰে৷

এই প্ৰতিবেদনত দোষী সাব্যস্ত কৰে আইডলৰ প্ৰাক্তন সঞ্চালক কন্দৰ্প দাসক৷ দাসক জাননী প্ৰেৰণৰ সিন্ধান্ত কাৰ্যবাহী পৰিষদৰ৷ কন্দৰ্প দাসে ১০ দিনৰ ভিতৰত দিব লাগিব উত্তৰ৷ তাৰ পাছতে পুনৰ অনুষ্ঠিত হ’ব কাৰ্যবাহী পৰিষদৰ বৈঠক৷

সেই বৈঠকতে কন্দৰ্প দাসৰ বিৰুদ্ধে শাস্তিৰ সিন্ধান্ত ল’ব গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই৷ বৈঠকৰ পাছতে এই মন্তব্য প্ৰকাশ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈয়ে৷ দোষীক কোনো কাৰণতে সাৰি যাব দিয়া নহ’ব বুলিও মন্তব্য উপাচাৰ্যগৰাকীৰ৷

ইফালে এই কেলেংকাৰীৰে নাম সাঙোৰ খোৱা তদানীন্তন উপাচাৰ্য তথা দায়িত্ববাহী বিষয়াৰ তথ্য চৰকাৰক প্ৰদান কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই৷ উল্লেখ্য যে ইউজিচিৰ অনুমোদন নোহোৱাকৈ ২১টাকৈ পাঠ্যক্ৰম চলাইছিল আইডল কৰ্তৃপক্ষই৷

সোমবাৰে অনুষ্ঠিত বৈঠকত বিভিন্ন বিভাগৰ অধ্যাপকৰ কেইবাটাও পদৰ নিযুক্তিত অনুমোদন জনোৱা হয় যদিও হিন্দী বিভাগৰ সহকাৰী অধ্যাপক বাচনি কৰা বিষয়টোৰ সম্পৰ্কে অনুমোদন জনোৱাৰ পৰা বিৰত থাকিল কাৰ্যবাহী পৰিষদ ৷

আইডল কৰ্তৃপক্ষই ইউ জিচিৰ অনুমোদন অবিহনে ২১ টা পাঠ্যক্ৰম চলাই থকা বিষয়টো পোহৰলৈ অহাত এই পাঠ্যক্ৰম পঢ়ি উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ ভবিষ্যত এতিয়াও অনিশ্চয়তাত ৷

লগতে পঢ়ক-জলপানি প্ৰদানেৰে গাড়ী চলোৱাৰ প্ৰশিক্ষণৰ ব্যৱস্থা যুৱক-যুৱতীক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,343 other subscribers

Leave a comment

Leave a Reply