গুৱাহাটীঃ অৱশেষত ছাত্ৰ-ছাত্ৰীৰ দাবী মানিবলৈ বাধ্য় হ’ল গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ। গুৱাহাটী বিশ্ববিদ্যালয়ে স্থগিত কৰিলে স্নাতকোত্তৰ শ্ৰেণীৰ প্ৰথম ষান্মাষিক পৰীক্ষা।
৩০ এপ্ৰিললৈ পিছুৱাই দিয়া হৈছে স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিকৰ পৰীক্ষা।
ৰাজ্যত ক’ভিড-১৯ ৰ ভয়াবহ সংক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰী সকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীৰ প্ৰথম ষান্মাষিক পৰীক্ষা স্থগিত ৰখাৰ দাবী তুলিছিল।

ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ মানিয়েই ১৯ এপ্ৰিলৰ পৰা অনুষ্ঠিত হ’বলগীয়া ১০ দিনলৈ পিছুৱাই দিয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।
পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয় কৰ্তপক্ষই সোনকালেই নতুন সূচী প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে।