গুৱাহাটীঃ ছাত্ৰীলৈ অশ্লীল মেছেজ প্ৰেৰণ কৰাৰ অভিযোগত নিলম্বন হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক।
হিন্দী বিভাগৰ অমিত পাণ্ডে নামৰ অধ্যাপক জনে কেইবাগৰাকীয়ো ছাত্ৰীলৈ হোৱাটছএপ-ফেচবুক যোগে অশ্লীল মেছেজ প্ৰেৰণ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে।
অধ্যাপক গৰাকীৰ এনে কাণ্ডত ভুক্তভোগী ছাত্ৰী কেইগৰাকীয়ে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাক অৱগত কৰাত ছাত্ৰ সন্থাই অমিত পাণ্ডেক বিশ্ববিদ্যালয়ত প্ৰৱেশৰ বাধা দিয়াৰ লগতে যৌন নিৰ্যাতনৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি সমগ্ৰ বিষয়টোৰ উচিত তদন্তৰ দাবী কৰি অধ্যাপক গৰাকীক বৰ্খাস্ত কৰাৰ দাবী কৰে।
লগতে পঢ়কঃবিদ্য়ালয়সমূহ প্ৰাদেশিকৰণ কৰিবলৈ দাবী জনাই অসম হাইস্কুল শিক্ষক সন্থাই
অৱশেষত আজি নিলম্বন কৰা হয় অমিত পাণ্ডেক। পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈকে নিলম্বন কৰা হৈছে অধ্যাপকজনক।
উল্লেখ্য যে, অমিত পাণ্ডে পূৰ্বতো ছাত্ৰীক অশ্লীল মেছেজ দিয়াৰ বাবে কৰ্তৃপক্ষই সকীয়নি প্ৰদান কৰিছিল। ইমানৰ পিছতো বহুকেইগৰাকী ছাত্ৰীক অশ্লীল মেছেজ তথা অশ্লীল ইংগিত দি অহাৰ অভিযোগ উত্থাপন হৈছে।