গুৱাহাটী বিশ্ববিদ্যালয়

গুৱাহাটী বিশ্ববিদ্যালয়ে যোৱা ২ জুলাই তাৰিখে এখন জাননী(GU/Regr (SF)/2021/93) যোগে গুৱাহাটী বিশ্ববিদ্যালয় আচাৰ্য তথা ৰাজ্যপালৰ নিৰ্দেশ মৰ্মে (GSA.23/19/Pt./16 dated 13.04.2021 ) গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মৰত সকলো ঠিকাভিত্তিক শিক্ষকৰ চাকৰি যোৱা ৩০ জুন,২০২১ তাৰিখৰ পৰা বন্ধ কৰি দিয়া বিষয়টোক লৈ তীব্ৰ প্ৰতিবাদ জনাইছে গুৱাহাটী বিশ্ববিদ্যালয় আছু গোটে। আছুৱে দাবী কৰা মতে, যেতিয়ালৈকে খালী থকা পদ সমূহত স্থায়ী শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ নহয় আৰু প্ৰয়োজনীয় বিভাগ সমূহত নতুন শিক্ষকৰ পদ সৃষ্টি কৰি নিযুক্তি দিয়া নহয় সেই পৰ্যন্ত উল্লেখিত সিদ্ধান্তটো বাতিল কৰিব লাগে।

গুৱাহাটী বিশ্ববিদ্যালয়ে ঠিকাভিত্তিক শিক্ষকক অব্যাহতি দিয়াক লৈ সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষক বিষয়টো পুনৰ বিবেচনা কৰাৰ লগতে ৰাজ্যপালক বিশ্ববিদ্যালয়ৰ সমস্যাসমূহৰ বিষয়ে অবগত কৰিবলৈ আহ্বান জনাইছে ছাত্ৰ সংগঠনটোৱে। এইক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপৰ দাবী জনাইছে আছুৰ নেতৃত্ব‌ই।

ক’ভিড মহামাৰীৰ সময়ত বিশ্ববিদ্যালয়ত নিষ্ঠা সহকাৰে পাঠদান কৰি থকা শিক্ষকসকলৰ চাকৰি বন্ধ কৰাৰ দৰে অমানৱীয় সিদ্ধান্ত লোৱাৰ পৰা সংশ্লিষ্ট কৰ্তৃপক্ষ আঁতৰি থকাৰ আহ্বান জনায় । এই সম্পৰ্কে আজি কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাত বিষয়টো ৰাজ্যপালৰ সিদ্ধান্ত, গতিকে সেই বিষয়ে তেও একো কব নিবিচাৰে বুলি কয় ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ খালী হৈ থকা পদ সমূহত শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে যদিও সেয়া সাম্প্ৰতিক সময়ত সম্পূৰ্ণ হৈ উঠা নাই, যাৰ বাবে তেনে পদ সমূহত ঠিকা ভিত্তিত শিক্ষকক নিযুক্ত কৰি ৰখা হৈছিল যাতে পাঠদানৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়।
তদুপৰি কিছু কিছু বিভাগত ছাত্ৰ ছাত্ৰীৰ সংখ্যা অনুপাতে শিক্ষকৰ পদ কম হোৱা বাবেও ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ঠিকাভিত্তিত শিক্ষক নিযুক্ত কৰি ৰাখিছিল। তেনে প্ৰেক্ষাপটত ঠিকাভিত্তিক শিক্ষকক আঁতৰোৱাটো ছাত্ৰ-ছাত্ৰীৰ বাবে যথেষ্ট ক্ষতিকাৰক হ’ব।এনে সিদ্ধান্তৰ ফলত বিশ্ববিদ্যালয়ৰ বহু পাঠ্যক্ৰম সূচাৰুৰূপে অব্যাহত ৰাখিবলৈ সমস্যাৰ সন্মুখীন হোৱাৰ লগতে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনলৈও ভাবুকি আনিব।

লগতে পঢ়ক ছিপাঝাৰত স্কুটি লাভৰ পৰা বঞ্চিত ছাত্ৰীৰ ক্ষোভ

উল্লেখ্য যে, এই সংক্ৰান্তত সংবাদ মাধ্যমৰ আগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছাৰ প্ৰতাপজ্যোতি সন্দিকৈয়ে জনোৱা মতে ঠিকাভিত্তিক শিক্ষকৰ সেৱা বন্ধ কৰিবলৈ বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যৰ ৰাজ্যপাল প্ৰফেছাৰ জগদীশ মুখীৰ নিৰ্দেশৰ পাছতেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৰাজ্যপালৰ এই নিৰ্দেশৰ ক্ষেত্ৰতো বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এনে সিদ্ধান্তক লৈ তেওঁ যথেষ্ট দুঃখিত বুলি প্ৰকাশ কৰে। লগতে এখন বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ ক্ষেত্ৰত কিছু স্বাধীনতা থকা উচিত বুলিও তেখেতে এক তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।

ঠিকাভিত্তিক শিক্ষকসকলৰ সেৱা বন্ধ হোৱাৰ পাছতেই বিশ্ববিদ্যালয়ত বহু অসুবিধা হ’ব বুলি উল্লেখ কৰি এইক্ষেত্ৰত বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়, যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ লগতে এম.এড.ৰ দৰে গুৰুত্বপূৰ্ণ বিভাগসমূহ বিশেষভাৱে প্ৰভাৱিত হ’ব বুলি কয়। ইয়াৰ মূল কাৰণটো হ’ল যে এই বিভাগসমূহত স্থায়ী শিক্ষকৰ সংখ্যা তেনেই তাকৰ। যিসকল ঠিকাভিত্তিক শিক্ষকে বিগত দিনসমূহত বিশ্ববিদ্যালয়ত সেৱা আগবঢ়াই আছিল তেওঁলোকলৈ উপাচাৰ্যগৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন।

লগতে পঢ়ক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীক আৰ্থিক সাহায্যৰ দাবী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply