গুৱাহাটী – পুনৰ হত্যাকাণ্ড গুৱাহাটীত! নগাঁও জিলাৰ এগৰাকী প্ৰায় ২৪ বছৰীয়া যুৱতীক তেওঁৰেই প্ৰেমিকে বিবাহৰ প্ৰস্তাৱ অস্বীকাৰ কৰাৰ বাবেই ডিঙি চেপি হত্যা কৰে।
সোমবাৰে নিশা কামৰূপ জিলাৰ ভেটামুখ নয়নপাৰা অঞ্চলত এটা ভাড়াঘৰৰ মঁজিয়াত আছিমা খাতুনৰ মৃতদেহ পৰি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতেই ঘটনাটো পোহৰলৈ আহিছিল। আৰু এই সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষীক অৱগত কৰা হৈছিল।
এটা মিঠাই প্ৰস্তুতকাৰী কোম্পানীত কাম কৰা আছিমাই আনিছা ফাখৰি নামৰ লোক এগৰাকীৰ ভাড়াঘৰত অকলে বাস কৰি আহিছিল।
ঘটনা সন্দৰ্ভত আনিছা ফাকৰিয়ে কয়, “তাই আজি কামলৈ যোৱা নাছিল। কিন্তু যেতিয়া তাই সন্ধিয়ালৈকে তাইৰ কোঠাৰ পৰা ওলাই অহা নাছিল, চুবুৰীয়াসকলে সন্দেহ কৰিছিল, আৰু খিৰিকীৰে জুমি চাইছিল আৰু আছিমাক মঁজিয়াত পৰি থকা দেখিছিল।”
আছিমাৰ অকাল মৃত্যুৰ খবৰ পাই নগাঁৱৰ পৰা গুৱাহাটীলৈ ঢপলিয়াই অহা আছিমাৰ সৰু ভনীয়েকে কয় যে উত্তৰ প্ৰদেশৰ কানপুৰৰ বাসিন্দা আনন্দ নামৰ এজন ল’ৰাই তেওঁৰ ভগ্নীক হত্যা কৰাৰ সন্দেহ কৰিছে।
অভিযোগ অনুসৰি আনন্দে তাইক বিয়া কৰিবলৈ জোৰজুলুম কৰিছিল, কিন্তু যেতিয়াই আছিমাই অস্বীকাৰ কৰিছিল, সি তাইক হত্যা কৰিছিল।
মৃতকৰ ভগ্নীয়ে অভিযোগ কৰি কয়, “আনন্দে মোৰ বাইদেউক বিয়া কৰাব বিচাৰিছিল, কিন্তু তাই তেওঁক বিয়া কৰিবলৈ অস্বীকাৰ কৰিছিল। সিয়েই মোৰ বাইদেউক হত্যা কৰিছে।”
ইফালে আৰক্ষীৰ তদন্তকাৰী দলটোৱে কয় যে অভিযুক্তজনে আছিমাক হত্যা কৰাৰ পিছত নিশ্চয় কোঠাৰ খিৰিকীৰে পলাই গৈছিল। উত্তৰ গুৱাহাটী আৰক্ষীয়ে অপৰাধীটোক বিচাৰি উলিয়াবলৈ স্নিফাৰ কুকুৰৰ সহায় লৈছিল।
উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ দণ্ডাধীশৰ নেতৃত্বত আৰক্ষীৰ এটা দলে তেওঁলোকৰ তদন্ত আৰম্ভ কৰিছে আৰু অপৰাধ অনুসন্ধান বিভাগৰো (চিআইডি) সহায় বিচাৰিছে। আৰক্ষীয়ে ইতিমধ্যে জেৰাৰ বাবে একাধিক লোকক আটক কৰিছে।
“এইটো এটা সন্দেহজনক হত্যাৰ ঘটনা। আমি চিআইডিৰ সৈতেও যোগাযোগ কৰিছো। মৃত যুৱতীগৰাকীৰ বয়স প্ৰায় ২২ ৰ পৰা ২৫ বছৰ। তেওঁ ভাড়াঘৰটোত অকলে আছিল,” উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ দণ্ডাধীশ ৰশ্মি প্ৰতাপে সংবাদ মাধ্যমৰ আগত কয়।