নিউজ ডেস্কঃ গুৱাহাটীৰ বেলতলাৰ বিশাল মেগা মাৰ্টত ওলমিল তলা। এগৰাকী সাংবাদিক আৰু পত্নীক অভব্য আচৰণ কৰাৰ অভিযোগত সদৌ অসম একত্ৰিত যুৱ পৰিষদে বন্ধ কৰি দিলে বিশাল মেগা মাৰ্ট। নিশা ১০ বজালৈ SOP নামানি খোলা ৰাখিছিল বিশাল মেগা মাৰ্ট। সাংবাদিকজনে প্ৰশ্ন কৰাত অভব্য আচৰণ কৰাৰ অভিযোগ।

ইফালে সোমবাৰে নিশা বিশ্বনাথ জিলা প্ৰশাসনে ছীল কৰিলে বিশ্বনাথ চাৰিআলিৰ বিশাল মেগা মাৰ্ট।দিনৰ ভাগত অত্যধিক ভিৰ হোৱা বিশাল মাৰ্কেট বন্ধ কৰি তলা লগাই দিছিল আৰক্ষীয়ে৷ কোভিড প্ৰটকল নমনাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ব্যৱসায়িক কাম–কাজ চলাই থকাৰ সময়তে আৰক্ষীয়ে আহি বন্ধ কৰি দিয়ে ব্যৱসায়িক প্ৰতিষ্ঠানখন৷

লগতে পঢ়কঃপূজা মণ্ডপৰ জৰিয়তে ক’ভিড যোদ্ধাৰ প্ৰতি সন্মান প্ৰদৰ্শন

প্ৰশাসনৰ অভিযোগ ক’ভিড প্ৰট’কল উলংঘন কৰি বিশালত সমাগম ঘটিছে অসংখ্য গ্ৰাহকৰ ৷ তদুপৰি গ্ৰাহকৰ মুখতো নাই মাস্ক ৷ যাৰ বাবে বিশ্বনাথ আৰক্ষী আৰু জিলা প্ৰশাসন আহি খালী কৰিবলীয়া হয় বিশাল মেগা মাৰ্টখন ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply