গুৱাহাটী : “আন্তৰ্জাতিক সমীক্ষা মতে ২০২০ বর্ষত সমগ্ৰ বিশ্বতে কৰ্কট ৰোগীৰ সংখ্যা ১ কোটি ৯৩ লাখলৈ বৃদ্ধি পাইছে। অন্য এক গৱেষণা মতে সমগ্ৰ বিশ্বত ৫ জন লোকৰ ভিতৰত ১ জন লোক নিজৰ জীৱন কালত কৰ্কট ৰোগত আক্রান্ত হ’ব। এই ভয়াবহ তথ্য সদৰী কৰিছে ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ এ.চি. কটকীয়ে।

উল্লেখ্য যে, বিশ্ব কৰ্কট দিৱসৰ লগত সংগতি ৰাখি ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান আৰু কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমৰ যৌথ উদ্যোগত “কৰ্কট ৰোগৰ উন্নত প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ক্ষেত্রত থকা দূৰত্ব নিৰ্মূল” শীৰ্ষক এখন ৱেবিনাৰ অনুষ্ঠিত হয়।

লগতে পঢ়কঃউদীয়মান কন্ঠশিল্পী গজেন বসুমতাৰীৰ “বনভোজ” শীৰ্ষক গীতৰ এলবাম মুকলি

ৱেবিনাৰখনত ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ এ.চি কটকীয়ে উদ্বোধন কৰি কৰ্কট ৰোগ সম্বন্ধীয় কেতবোৰ ভয়াবহ সমীক্ষা সদৰী কৰি এইক্ষেত্ৰত সকলোকে সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনায়। ৱেবিনাৰখনত অংশলৈ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ গাইনি অংকলজী বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ দেৱব্ৰত বৰ্মনে “কৰ্কট ৰোগৰ বোজা আৰু ইয়াৰ অবলোকন”; ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ কোষ, অসমৰ ৰাজ্যিক নডেল বিষয়া ডঃ অৰুন্ধতী ডেকাই ধঁপাত আৰু কৰ্কট ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সামাজিক আৰু স্বেচ্ছাসেৱী সংগঠনৰ ভূমিকা;
কনজিউমাৰ ভয়েচ, নতুন দিল্লীৰ মুখ্য কাৰ্যবাহী বিষয়া অসীম সান্যালে “কৰ্কট ৰোগীয়ে সন্মুখীন হোৱা আৰ্থিক বোজা”ৰ ওপৰত বক্তব্য ৰাখে।

ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰিভেন্টিভ অংকলজী বিভাগৰ দায়িত্বত থকা সহযোগী অধ্যাপক ডাঃ শ্ৰাৱনা মিশ্ৰ ভাগৱতীয়ে “কৰ্কট ৰোগ আৰু স্বাস্থ্য” তথা আৰু কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমৰ সচিব অধিবক্তা অজয় হাজৰিকাই “ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ নিয়ন্ত্ৰণ”ৰ ওপৰত বক্তব্য ৰাখে। ৱেবিনাৰখনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় শতাধিক সামাজিক আৰু স্বেচ্ছাসেৱী সংগঠনে অংশগ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply