আমচোং চাহ ইষ্টেত ভাৰতীয় ষ্টেট বেংকৰ সহযোগত তিলিঙ্গা স্পৰ্টছ ক্লাব গুৱাহাটীয়ে যোৱা ১৯ ফেব্ৰুৱাৰীত আয়োজন কৰিছিল ২০ কিলোমিটাৰ চাইক্লিং আৰু ৫ কিলোমিটাৰ দৌৰৰ সৈতে এক অনন্য দৌৰ প্ৰতিযোগিতাৰ।

এই দৌৰত অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু মেঘালয় ৰাজ্যৰ প্ৰায় ১০০ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। কিশোৰৰ পৰা ষাঠিৰ উৰ্ধৰ লোকলৈকে, অলিম্পিয়ানৰ পৰা প্ৰতিৰক্ষা কৰ্মীলৈকে, পেছাদাৰীৰ পৰা আৰম্ভ কৰি ন শিকাৰুলৈকে এই দৌৰ প্ৰতিযোগিতাত বহুতো উল্লেখযোগ্য ব্যক্তিক অনুষ্ঠানস্থলীত একত্ৰিত হোৱা দেখা গৈছিল।
ইলাইট শাখাৰ শীৰ্ষ ৩টা স্থান দখল কৰিবলৈ সক্ষম হৈছিল কেভিনজন খাইলাইট(মেঘালয়), তাজুম ডেৰে(অৰুণাচল প্ৰদেশ), চেমচন ইংটি(অসম)য়ে।

মুকলি শাখাৰ(পুৰুষ) শীৰ্ষ ৩টা স্থান দখল কৰিছে থটমাচান আউংচি(মণিপুৰ), বিশ্বজিৎ ডেকা(অসম), বিতু নাৰায়ণ(অসম)য়ে। মহিলা শাখাৰ শীৰ্ষ ৩টা স্থান লিণ্ডুম কিয়াকিয়া(অৰুণাচল প্ৰদেশ), ৰিম্পি দেউৰী(অসম), মাৰ্চেলিনা চাংমা(অসম)য়ে দখল কৰিছিল।
এই দৌৰ প্ৰতিযোগিতাৰৰ শুভাৰম্ভ কৰে এছ বি আই গুৱাহাটী চক্ৰৰ মুখ্য মহাপ্ৰৱন্ধক শ্ৰী ভিনচেণ্ট এম.ডি, দিবিয়াজ্যোতি দত্ত, শ্ৰী বিশ্বজিৎ ভট্টাচাৰ্য, মেনেজাৰ(লিয়াজন) আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে। উল্লেখ্য যে এই দৌৰৰ প্ৰথম সংস্কৰণ ডিথলন ১.০ ২০১৯ চনত খানাপাৰাত অনুষ্ঠিত হৈছিল।