গুৱাহাটীঃ গুৱাহাটীৰ ৰিহেব চেন্টাৰত মহিলাৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য। মৃত মহিলা গৰাকীৰ বৰপেটাৰ গিৰিজা মেধি বুলি জানিব পৰা গৈছে ।
খাৰঘূলিৰ ‘ফেইথ ফাউণ্ডেচন’ নামৰ ৰিহেব চেন্টাৰটোত চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী ।জানিব পৰা মতে,এমাহ পূৰ্বেই পৰিয়ালৰ লোকে চেন্টাৰটোলৈ লৈ আহিছিল মহিলাগৰাকীক ।মহিলাগৰাকীয়ে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰিহেব চেন্টাৰটোৰ কৰ্তৃপক্ষই।
মৃত্যুৰ আগদিনা মহিলাগৰাকীয়ে সকলোৰে লগত হাঁহি-স্ফূৰ্তি কৰি সহজ ভাৱেই আছিল বুলি ৰিহেব চেন্টাৰটোৰ কৰ্তৃপক্ষই উল্লেখ কৰিছে । ঠিক তেনে অৱস্থাত কি পৰিস্থিতিত মহিলাগৰাকীয়ে আত্মহত্যাৰ পথ বাছি ল’লে সেই লৈয়ো এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে।
কিন্তু আৰক্ষী, পৰিয়ালৰ লোকৰ বিনা অনুপস্থিতিতে ফাউণ্ডেচন কৰ্তৃপক্ষই মৃতদেহটো ৰচি কাটি খিৰিকিৰ পৰা নমাই অনাক লৈ বিভিন্ন জনৰ মাজত সন্দেহৰ সৃষ্টি হৈছে। বৰ্তমানলৈকে আৰক্ষীয়ে উদ্ধাৰ কৰা নাই মৃতদেহটো ।