আমিনগাঁও : অসম চৰকাৰৰ জলবায়ু পৰিবৰ্তন সমিতি আৰু আৰণ্যকৰ উদ্যোগত তথা কামৰূপ জিলা প্ৰশাসনৰ সহযোগত জলবায়ু পৰিবৰ্তন প্ৰতিৰোধী কাৰ্যপন্থা নিৰ্দ্ধাৰণ বিষয়ক এখন কৰ্মশালা অনুষ্ঠিত কৰা হয়৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰশিক্ষণ প্ৰেক্ষাগৃহত জিলাখনৰ বিভিন্ন বিভাগৰ প্ৰতিনিধিসকলৰ উপস্থিতিত আয়োজিত এই কৰ্মশালাখন কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে উদ্বোধন কৰে ৷

কৰ্মশালাত কামৰূপ জিলাক প্ৰাধান্য দি অসমৰ প্ৰেক্ষাপটত জলবায়ু পৰিবৰ্তন আৰু ইয়াৰ প্ৰভাৱ সম্পৰ্কে আৰণ্যকৰ পৰিবেশ বিজ্ঞানী ডঃ পাৰ্থ জ্যোতি দাসে বক্তব্য দাঙি ধৰে ৷

আনহাতে জ্যেষ্ঠ কৃষি বিজ্ঞানী ডঃ ইমদাদ হুছেইন ঠাকুৰীয়াই কৃষিৰ ক্ষেত্ৰত জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱ আৰু এই সংক্ৰান্তত ল’বলগীয়া কাৰ্যপন্থাৰ বিষয়ে চিন্তাকৰ্ষক অবলোকন কৰে৷ ডঃঠাকুৰীয়া কৃষি বিভাগৰ এগৰাকী জেষ্ঠ বিষয়া ৷

কৰ্মশালাত জিলা উন্নয়ন আয়ুক্ত নৰসিং বেয়ে জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হোৱা বিভিন্ন বিষয়ৰ কথা উল্লেখ কৰে আৰু এই ক্ষেত্ৰত বিভিন্ন বিভাগৰ এক সামুহিক প্ৰচেষ্টাৰ গুৰুত্বৰ বিষয়ে কয়৷

অসম ৰাজ্যিক জৈৱ পৰিষদৰ ডঃ ঐনম সুনন্দা দেৱীয়ে অসমত জৈৱ বৈচিত্ৰৰ ওপৰত জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱ সম্পৰ্কে বিশদভাৱে ব্যাখ্যা কৰে৷ 

এই কৰ্মশালাত উপস্থিত থকা বিভিন্ন বিভাগৰ বিষয়াসকলে কামৰূপ জিলাত জলবায়ু পৰিবৰ্তন প্ৰতিৰোধ বিষয়ক কাৰ্যপন্থা নিৰ্ধাৰণৰ বাবে বিভিন্ন মত প্ৰকাশ কৰে৷

এই কৰ্মশালাখনত ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা ডঃ ৰাজীৱ দত্ত চৌধুৰী উপস্থিত থাকে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply