ৰূপহীহাট – ৰূপহীহাটৰ সূঁতিৰপাৰত সচেতনতা সভালৈ হেলিকপ্টাৰ উৰুৱাই উপস্থিত হ’ল আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ী হবিব মহম্মদ চৌধুৰী। সচেতনতা সভাত হবিব মহম্মদ চৌধুৰীৰ লগতে একাংশ বিজেপি পালিনেতা উপস্থিত।

ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতৰ। নিৰ্বাচনলৈ এতিয়া মাজত আছে কিছদিন আৰু এতিয়ালৈ প্ৰচাৰৰ বাবে অসমৰ আকাশত উৰা নাই হেলিকপ্টাৰ। নিৰ্বাচনী প্ৰকাৰৰ হেলিকপ্টাৰ উৰা নাই যদিও ৰাজ্যৰ আকাশত উৰিছে এক বিশেষ হেলিকপ্টাৰ।

আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ী হবিব মহম্মদ চৌধুৰীয়ে সংখ্যালঘু অধ্যূষিত অঞ্চলত উৰুৱাইছে হেলিকপ্টাৰ। বুধবাৰে ৰূপহীহাট সমষ্টিৰ সূঁতিৰপাৰত হেলিকপ্টাৰেৰে অৱতৰণ কৰে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ী হবিব মহম্মদ চৌধুৰী।

খাঘনাই আকাশ মাৰ্গেৰে আহি সাধাৰণ জনতাক ডাঙৰ ডাঙৰ কথাকৈ উপদেশ দিয়া এই জন আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ী হবিব মহম্মদ চৌধুৰীক উপদেশ দিবলৈ সহযোগ কৰা যেন লাগিছে শাসকীয় বিজেপিৰ একাংশ পালিনেতাই৷ ইয়াৰে প্ৰমাণ দেখিবলৈ পোৱা গ’ল ৰূপহীহাটৰ সুঁতিৰপাৰত অনুষ্ঠিত সভাত৷

মঞ্চত আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ী হবিব মহম্মদ চৌধুৰীয়ে ভাষণ দি থকা সময়তে মঞ্চ আৰু মঞ্চৰ পিছফালে দেখিবলৈ পোৱা যায় বিজেপিৰ কৰ্মকৰ্তাৰ দৌৰাত্ম৷ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ী হবিব মহম্মদ চৌধুৰীয়ে নিৰ্বাচনৰ সময়ত আহি ৰাইজক উপদেশ দিছে, সাধাৰণ জনতাক সাধাৰণভাৱে লগ কৰিবলৈ তেওঁৰ সময় নাই৷ নিৰ্বাচনৰ পিছত এইগৰাকী ব্যৱসায়ীৰ ছাঁটোকে চৰ-চাপৰিৰ ৰাইজে দেখিবলৈ সক্ষম হ’বনে নাই এই লৈ ৰাইজৰ মাজত চলিছে চৰ্চা৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply