নাজিৰাঃ শিৱসাগৰৰ হাঁহচৰা বোকানগৰৰ এটি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মেধা সম্পন্ন যুৱতীৰ জীৱনলৈ মাত্ৰ ২৩ বছৰ বয়সতে নামি আহিছে ঘোৰ অমানিশা।

লখিমী হাজৰিকা আৰু পিতৃ ৰঞ্জিত হাজৰিকাৰ একমাত্ৰ কন্যা সন্তান ৰিতুমণি হাজৰিকাৰ চিকিৎসকৰ এম আৰ আই ৰিৰ্পটত ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত বুলি স্পষ্ট।

কিন্তু ধনৰ অভাৱৰ বাবেই সৰ্বশ্ৰান্ত পৰিয়ালৰ লোকে চিকিৎসা কৰিব নোৱাৰাত বিছনাতে পৰি চিৎকাৰ কৰিবলগীয়া হৈছে ৰিতুমণি।

উৰ্পাজনৰ পথ বুলিবলৈ মাতৃৰ এটি সৰু কৰ্ম,কিন্তু সেই উপাৰ্জনৰ ধনেৰে চিকিৎসা কৰিব নোৱাৰি ৰিতুমণিৰ।

আৰু পঢ়কঃজামুগুৰিহাটত দুষ্কৃতিকাৰীয়ে বিহ দি নিধন কৰিলে ৫০টাকৈ হাঁহ

ৰিতুমণিৰ মূৰত স্পৰ্শ কৰিলে বিষত চিঞৰি উঠে। যন্ত্ৰণাত কাতৰ একমাত্ৰ সন্তান ৰিতুমণিক লৈ এতিয়া মানসিক ভাৱে ভাগি পৰিছে ৰিতুমণিৰ পিতৃ-মাতৃ।

নাজিৰা মহাবিদ্যালয়ৰ পৰা বি.এ পাছ কৰিয়েই ডাকঘৰত কৰ্মৰত আছিল।কিন্তু ৰোগত আক্ৰান্ত হোৱাৰ বাবে দুমাহ চাকৰি কৰি চাকৰিও বাদ দিবলগীয়া হ’ল।

ৰিতুমণি হাজৰিকাৰ পৰিয়ালে এতিয়া বিচাৰিছে সহায়ৰ হাত। কোনো হৃদয়বান লোকে ৰিতুমণিৰ চিকিৎসাৰ বাবে সহায় আগবঢ়াব বিচাৰিলে কানাৰা বেংকৰ একাউণ্ট নম্বৰ 5353108000120 আৰু IFSC CODE CNRB0005353 ত সহায়ৰ হাত আগবঢ়াব পাৰিব। লগতে 8811948650 ফোন নম্বৰত সহায়ৰ বাবে যোগযোগ কৰিব পাৰিব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply