হাইলাকান্দিঃ অৱশেষত আৰক্ষীৰ জালত পৰিল শিশু হত্যাকাৰী। হাইলাকান্দিৰ কাটলিচেৰাত ৯ফেব্ৰুুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছিল এটি ছয় বছৰীয়া কন্যা শিশু।১২ ফেব্ৰুুৱাৰীত কাটলিচেৰা সমষ্টিৰ চুলতানিচেৰা গাঁৱৰ ভিতৰৰ ঘন জংঘলৰ ভিতৰত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হৈছিল শিশুটিৰ মৃতদেহ।
মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি পোনে পোনে আৰক্ষীক খবৰ দিয়ে। নিৰুদ্দেশ হৈ থকা কন্যা সন্তানটিৰ খবৰ লাভ কৰাৰ পাছতেই আৰক্ষীয়ে হত্যাকাণ্ডৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।
আৰক্ষীৰ তদন্তৰ ফলতেই সকলো তথ্য পোহৰলৈ আহে আৰু ২৪ঘন্টাৰ ভিতৰতে হাইলাকান্দি আৰক্ষীয়ে দোষীক বিচাৰি উলিয়াবলৈ সক্ষম হয়।
লগতে পঢ়কঃৰাজস্থানত দলবদ্ধ ধৰ্ষণৰ চিকাৰ অসমৰ যুৱতী; কথমপি প্ৰাণ ৰক্ষা
মঙলবাৰে নিশা হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নিহত শিশুটিৰ হত্যাৰ সৈতে জড়িত অভিযুক্তক। এই হত্যাকাণ্ডৰ লগত জড়িত এটি ১৫ বছৰীয়া কিশোৰ।
আৰক্ষীৰ সোধপোচত অভিযুক্ত কিশোৰে নিজৰ অপৰাধ স্বীকাৰ কৰে। কিশোৰটোৱে ঘন জংঘলৰ মাজলৈ ছয়বছৰীয়া কন্যা সন্তানটিক ফুচুলাই নি বলাৎকাৰ কৰি হত্যা কৰিছিল। আৰক্ষীয়ে অভিযুক্তৰ পিতৃকো গ্ৰেপ্তাৰ কৰিছে।