নিউজ ডেস্কঃ হাইলাকান্দিত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে প্ৰায় ২ কোটি টকাৰ হেৰ’ইন। আৰক্ষীয়ে হাইলাকান্দিৰ আলেকজেণ্ডাৰপুৰ অঞ্চলত অভিযান চলাই এই বৃহৎ পৰিমানৰ হেৰ’ইন সহ আটক কৰিছে এজন লোকক।

জানিব পৰা মতে, এই অভিযানকালত ৪১৩ গ্ৰাম হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে। লগতে আৰক্ষীয়ে আটক কৰা লোকজনক চিনাক্ত কৰা হৈছে। আটক কৰা লোকজনৰ নাম ডেনিয়েল চড়াই।

আৰক্ষী বিষয়া এগৰাকী সাংবাদিকৰ আগত কয়- কাটলিচাৰা বাগান এলেকাত কোনোবা এজন ব্যক্তিয়ে ড্ৰাগছৰ ট্ৰেডিং কৰিব বুলি খবৰ পাইছিলো। আৰু তাৰ পাছত আমি অভিযান চলালো আৰু এজনক আটক কৰিছো।

উল্লেখ্য যে, আটক কৰা ডেনিয়েল চড়াৰ ঘৰ শিলচৰত। ডেনিয়েলে আন এজন ব্যক্তিক এই হেৰ’ইনখিনি দিবলৈ অহা বুলি খবৰ লাভ কৰিছিল আৰক্ষীয়ে। তাৰপাছতে অভিযান চলাই এই হেৰ’ইনখিনি সহ আটক কৰা হয় ডেনিয়েলক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply