হাইলাকান্দি : মাঘ বিহুৰ নিশা হাইলাকান্দিত সংঘটিত হৈছে এক গুলী চালনাৰ ঘটনা। ৰাজপথ এজন লোকক লক্ষ্য কৰি দুৰ্বৃত্তৰ দল এটাৰ গুলী চালনা। দুৰ্বৃত্তৰ দলটোৰ গুলীত গুৰুত্বৰভাৱে আহত লোকজনক ভৰ্তি কৰোৱা হৈছে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত।

ৰাজ্যজুৰি মাঘ বিহুৰ আনন্দৰ মাজতে হাইলাকান্দিত সংঘটিত হোৱা এক গুলী চলনাৰ ঘটনাত এজন লোক গুৰুত্বৰভাৱে আহত হৈছে। হাইলাকান্দিৰ আলগাপুৰৰ ছিপসাঙনত ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত মাছুক আহমেদ বৰভূঞা নামৰ এজন লোকক লক্ষ্য কৰি নিশা দুৰ্বৃত্তৰ দল এটাই গুলী চালনা কৰে।

নিশা ঘৰলৈ গৈ থকা অৱস্থাত ৰাজপথত বাইকত অহা তিনি জনীয়া দুৰ্বৃত্তৰ দল এটাই মাছুক আহমেদ বৰভূঞাক লক্ষ্য কৰি গুলী চালনা কৰে। দুৰ্বৃত্তৰ দলটোৰ গুলীত গুৰুত্বৰভাৱে আহত মাছুক আহমেদ বৰভূঞাক নিশাই শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়।

দুৰ্বৃত্তৰ দলটোৱে গুলী চালনা কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও গুলী চালনা কৰা দুৰ্বৃত্তৰ দলটোৰ সন্ধান লাভ কৰা নাই আৰক্ষীয়ে। আহত মাছুক আহমেদ বৰভূঞাৰ অৱস্থা সংকটজনক বুলিও জানিব পৰা গৈছে।

লগতে পঢ়ক- আজিৰে পৰা ভেকচিন নোলোৱা লোকৰ ৰাজহুৱা স্থানত প্ৰৱেশত বাধা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply