হাইলাকান্দি: হাইলাকান্দি জিলাৰ সৰচপুৰ চাহ বাগিচাৰ চাৰিটা অঞ্চলত সান্ধ্য আইন জাৰি কৰিছে হাইলাকান্দি জিলা প্ৰশাসনে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বৃহৎ সংখ্যক অসম আৰক্ষী লগতে চিআৰপিএফ মোতায়েন কৰা হৈছে।
উল্লেখ্য যে কালি শাওন মাহৰ অন্তিমটো সোমবাৰ হোৱাৰ বাবে সৰচপুৰ চাহ বাগিছা অঞ্চলত থকা শিব মন্দিৰত বহু সংখ্যক ভক্তৰ সমাবেশ হৈছিল।
এইলোকসকলক অনা নিয়া কৰাৰ বাবে ই ৰিক্সা আৰু অটো উক্ত স্থানত আছিল । যাত্ৰীসকলক কঢ়িওৱাৰ বাবে ই ৰিক্সা আৰু অটো চালকৰ মাজত দিনৰে পৰা সংঘাত আৰম্ভ হৈছিল। সেই সংঘাতে নিশাৰ ভাগলৈ ভয়াবহ ৰূপ লৈছিল। তাৰ মাজতে এচামে এই সংঘাতক সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা চলাইছিল।আৰক্ষীয়ে কঠোৰ ভাবে উক্ত সংঘাত নিয়ন্ত্ৰনলৈ আনিবলৈ সক্ষম হয় ।
ইতিমধ্যে আৰক্ষীয়ে চাৰি গৰাকী লোকক আটক কৰিছে লগতে সমগ্ৰ অঞ্চলজুৰি আৰক্ষী আৰু চিআৰপিএফ বাহিনীৰ ফ্লেগ মাৰ্চ কৰিছে। বহুতো দোকানত আক্ৰমণ কৰি লুটপাত চলাইছে কৰে দুষ্কৃতিকাৰীয়ে। হাইলাকান্দি জিলাৰ আৰক্ষী অধীক্ষক গৌৰব উপাধ্যাযে় নিজে ঘটনা স্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণৰ তদাৰক কৰিছে সমগ্ৰ পৰিবেশ।

সৰচপুৰ চাহ বাগিচা অঞ্চলত হোৱা তীব্ৰ উত্তেজনাৰ ফলত দুটা ফৈদৰ কেবাগৰাকীও লোক আঘাতপ্ৰাপ্ত হয়। ৫০০ লোকৰ মাজত তীব্ৰ সংঘাতৰ বাবে যোৱা নিশা শূণ্য লৈ আৰক্ষীৰ আঠ ৰাউণ্ড গুলী চালনা কৰিব লগা পৰিস্থিতিৰ উদ্ভব হয়। নিশাৰ ভাগত ভংয়কৰ পৰিস্থিতিৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলত। ৫০ খন কৈ দোকানত আক্ৰমণ চলাই দুস্কৃতিকাৰীয়ে । শতাধিক লোকৰ ঘৰ লন্ড ভন্ড কৰিলে উত্তেজিত লোকে।
সৰচপুৰ বজাৰত থকা এটা মন্দিৰতো আক্ৰমণ কৰে দুষ্কৃতিকাৰীয়ে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয় আৰক্ষীয়ে। উত্তেজিত লোকে শিলগুটি নিক্ষেপ কৰে আৰক্ষীলৈও। এই ঘটনাৰ পিছতে সৰচপুৰ কে ধৰি সমীপৱৰ্তী অঞ্চলত উত্তেজনা।