হাইলাকান্দি : এক লোমহৰ্ষক হত্যাকাণ্ড। পৰিয়ালকেন্দ্ৰিক কন্দলৰ বাবেই এই লোমহৰ্ষক হত্যাকাণ্ড। লোৰ ৰ’ডেৰে মৰিয়াই মৰিয়াই হত্যা। মাছ মৰি ঘৰলৈ উভতি অহা সময়তে এজনক লোৰ ৰ’ডেৰে মৰিয়াই মৰিয়াই হত্যা।
হাইলাকান্দি জিলাৰ বন্দুকমাৰাত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। নজৰুল আলম বৰভূঞা নামৰ এজন লোক মাছ মাৰি ঘৰলৈ উভতি আহি থকা অৱস্থাত লোৰ ৰ’ডেৰে মৰিয়াই মৰিয়াই নজৰুল আলম বৰভূঞাক হত্যা।
জানিব পৰা মতে নজৰুল আলম বৰভূঞা আৰু আব্দুলা বৰভূঞাৰ মাজত দীর্ঘদিন ধৰি পৰিয়ালকেন্দ্ৰিক সংঘাত চলি আছিল। এই সংঘাতৰ বাবাই নজৰুল আলম বৰভূঞাৰ সম্বন্ধীয় ভাতৃ আব্দুলা বৰভূঞাই লোৰ ৰ’ডেৰে নজৰুল আলম বৰভূঞাৰ ওপৰত আক্ৰমণ চলাই আহত কৰে।
লগতে পঢ়ক : অবশেষত ন্যায়ালয়ৰ ৰোষত ৰাজ্যৰ ব্যক্তিগত খন্ডৰ শিক্ষানুষ্ঠান
আহত নজৰুল আলম বৰভূঞাক চিকিৎসাৰ বাবে হাইলাকান্দি অসামৰিক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও হাস্পতালতে মৃত্যু ঘটে নজৰুল আলম বৰভূঞাৰ। ইফালে ঘটনাৰ পিছৰে পৰা পলাতক অৱস্থাত আছে আব্দুল্লা বৰভূঞা। হত্যাকাৰী আব্দুল্লা বৰভূঞাক গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।