হাইলাকান্দিঃ হাইলাকান্দিৰ বড়-হাইলাকান্দি গাঁৱত সংঘটিত হয় লোমহৰ্ষক ঘটনা।
এটা পথক কেন্দ্ৰ কৰি দুটা পৰিয়ালৰ মাজত হোৱা বিবাদে ৰূপ ললে ভয়ংকৰ পৰিণতিৰ।
ভূমি বিবাদক কেন্দ্ৰ কৰি মৃত্যু মুখত পৰে এজন ব্যক্তি।
নিহত ব্যক্তি জনৰ নাম জামাল উদ্দিন মজুমদাৰ।
ঘটনা অনুসৰি, বুধবাৰে পথটো দখল কৰিবলৈ যোৱা ছেলিম উদ্দিন, ফৰিজ উদ্দিন আৰু সোনাৰ উদ্দিনক বাধা প্ৰদান কৰে জামাল উদ্দিন মজুমদাৰ নামৰ লোকজনে।
তেতিয়াই সৃষ্টি হয় বিবাদৰ। জামালক লাঠীৰে আক্ৰমণ কৰে লোককেইজনে।
ঘটনাত গুৰুতৰভাৱে আহত জামাল উদ্দিনক পৰিয়ালৰ লোকে হস্পিতাললৈ লৈ যায় যদিও হস্পিতাল পোৱাৰ আগতে মৃত্যু হয় জামালৰ।
এই ঘটনাত দুজন ব্যক্তিয়ো গুৰুতৰ ভাবে আঘাত হৈছে।
ইতিমধ্যে ঘটনা সন্দৰ্ভত জামাল উদ্দিনৰ পৰিয়ালৰ লোকে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে।
এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।