হাইলাকান্দিঃ বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে হাইলাকান্দিত বিশ্ব হিন্দু পৰিষদৰ উত্তাল প্ৰতিবাদ। হাইলাকান্দি জিলাৰ ৰাজপথত ১০ হাজাৰ লোকৰ তীব্ৰ প্ৰতিবাদ। স্তব্ধ হৈছে পৰিছে হাইলাকান্দি জিলাৰ সদৰ ৰাজপথ। হাইলাকান্দি ইস্কন শাখাৰ কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বাংলাদেশ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। বিশ্ব হিন্দু পৰিষদৰ লগতে বিভিন্ন দল সংগঠনৰ কৰ্মী সকলে এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈছে।

পুৱা ১০ বজাৰ পৰা বৰাকৰ তিনি জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত সাব্যস্ত হয় উত্তাল প্ৰতিবাদ। হাইলাকান্দি নগৰত এক প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ভি এইচ পি সদস্যসকলে। হাইলাকান্দি নগৰৰ অদি কালী মন্দিৰৰ পৰা আৰম্ভ হোৱা এই সমদলে নগৰৰ প্ৰধান প্ৰধান ৰাজপথ প্ৰদক্ষিণ কৰি সামৰণি মাৰে স্থানীয় নেতাজী পইণ্ট চাৰিআলিত।

লগতে পঢ়কঃবৰাকত ‘অসমীয়া ভাষা চলবে না’; ৪৮ ঘণ্টাৰ ভিতৰত চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী
উল্লেখ্য যে, চুবুৰীয়া দেশ বাংলাদেশত দুৰ্গা পূজাত সংগঠিত হৈছিল ভয়ংকৰ ঘটনা। একাংশ দুৰ্বৃত্তই পূজাৰ মণ্ডপ ভঙাৰ লগতে মূৰ্তি আদিও ভাঙি লণ্ডভণ্ড কৰিছিল। লগতে দেশখনৰ সংখ্যালঘু লোকসকলৰ ওপৰত চলায় ভয়াভহ আক্ৰমণ। যাৰ ফলত বৰ্তমানলৈকে ৬জন লোকে অতি কৰুণভাৱে মৃত্যুক সা‍টই ল’বলগা হৈছে। কমেও ৯টা পূজা মণ্ডপত একাংশ উদণ্ড লোকে ধ্বংসযজ্ঞ চলাই দুৰ্গাৰ প্ৰতিমা ভাঙি মণ্ডপত অগ্নি সংযোগ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply