হাইলাকান্দিঃ শিলচৰত দুষ্কৃতিকাৰীয়ে অসমীয়া ভাষাৰ চাইনবোৰ্ডত ক’লা ৰং সানি অসমীয়া ভাষা আৰু জাতিক অপমান কৰা দুষ্কাৰ্যৰ প্ৰতিবাদত অসম জাতীয় পৰিষদৰ হাইলাকান্দি জিলা সমিতিয়ে আজি হাইলাকান্দি চহৰৰ ৰবীন্দ্ৰ ভৱনৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷

দলৰ হাইলাকান্দি জিলা সমিতিৰ সভাপতি চাৰোৱাৰ হুদা চৌধুৰীৰ নেতৃত্বত দলৰ কৰ্মীসকলে ‘বি ডি ৱাই এফ মু্ৰ্দাবাদ’, ‘অসমীয়া ভাষাৰ ওপৰত আক্ৰমণ নামানো’, ‘অসমীয়া ভাষা জিন্দাবাদ’, ‘ভাষাৰ নামত বিভেদ নচলিব’ আদি শ্লোগান দিয়ে৷ প্ৰতিবাদকাৰীসকলে অসমীয়া ভাষা বিদ্বেষী লোকসকলৰ বিৰুদ্ধে আৰু অসমীয়া ভাষাৰ সপক্ষে লিখা প্লে’ কাৰ্ড প্ৰদৰ্শন কৰে৷

লগতে পঢ়কঃপশ্চিম কাৰ্বি আংলঙ জিলাত বানৰ তান্ডবত বিস্তৰ ক্ষতি

জিলা সভাপতি চৌধুৰীয়ে প্ৰতিবাদকাৰীসকলক সম্বোধন কৰি কয় যে শাসক দল বিজেপি আৰু আৰ এছ এছৰ লগত সম্পৰ্ক থকা কিছু লোকে শিলচৰৰ ঘটনাটো সংঘটিত কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছত ঘটনাকাৰীসকলৰ আচল উদ্দেশ্য কি আৰু সেয়া কাৰ পৃষ্ঠপোষকতাত সংঘটিত হৈছে, সেই কথা কাৰো বুজিবলৈ বাকী নাই৷

এইসকলে সদায় ধৰ্ম, ভাষা, জাতি, সম্প্ৰদায়ৰ নামত সমাজখনক বিভাজিত কৰাৰ চেষ্টা চলাই থাকে৷ বৰাকৰ বাংলাভাষী সাধাৰণ ৰাইজৰ অসমীয়া জাতি আৰু ভাষাৰ সৈতে কোনো সংঘাত নাই৷ অৱশ্যে নাগৰিকত্ব সংশোধনী আইন (কা) প্ৰৱৰ্তনৰ ফলত যে উগ্ৰ ভাষা বিদ্বেষীসকল উৎসাহিত হৈছে, সেই কথাও শিলচৰৰ ঘটনাই প্ৰমাণ কৰে বুলি চৌধুৰীয়ে মত প্ৰকাশ কৰে ৷ তেওঁ কয় যে ভাষাৰ নামত বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত বিভেদ সৃষ্টি হ’বলৈ দিয়া নহ’ব আৰু অসম জাতীয় পৰিষদে তেনে বিভেদকামী শক্তিৰ বিৰোধিতা কৰি যাব ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply