হাইলাকান্দি : সোমবাৰে অসম-মেঘালয় সীমান্তৰ লাইলাপুৰত সংঘটিত হোৱা ঘটনাৰ পিছতে উত্তেজিত হৈ উঠিছে সীমান্তবাসী ৰাইজ। বৰ্তমানেও উত্তেজনা বিৰাজ হৈ আছে লাইলাপুৰত। মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় ঘটনাস্থলীত। ইফালে মিজো দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনাত ক্ষোভিত হৈ উঠিছে হাইলাকান্দিৰ ৰাইজ।
হাইলাকান্দিবাসীয়ে মিজো দুৰ্বৃত্তৰ আক্ৰমণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। কাছাৰৰ লাইলাপুৰত মিজো দুৰ্বৃত্তৰ গুলী চালনাত নিহত হৈছিল হাইলাকান্দি জিলাৰ কৃষ্ণপুৰৰ আৰক্ষী জোৱান ছামাচুজামান বৰভূঞা। প্ৰতিবাদকাৰী সকলৰ নিহত আৰক্ষী জোৱানজনৰ ঘৰৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
লগতে পঢ়ক : অসমে কাউন্টাৰ আক্ৰমন নকৰে, নিজৰ ভূমি সুৰক্ষিত কৰিবলৈ প্ৰয়োজনত বলীদান দিব :মুখ্যমন্ত্ৰী
ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি মিজোৰামলৈ যোৱা সকলো যান বাহন আবদ্ধ কৰি মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰে। উল্লেখ্য যে সোমবাৰে কাছাৰৰ লাইলাপুৰত মিজো দুৰ্বৃত্তৰ গুলী চালনাত অসম আৰক্ষীৰ ৬ জনকৈ জোৱানৰ লগতে এজন স্থানীয় নাগৰিক নিহত হৈছিল। এই ঘটনাত অসম আৰক্ষীৰ লগতে প্ৰায় ৮০ জনকৈ লোক আহত হৈছে।