বোকাখাত: শনিবাৰে বোকাখাত মহকুমাৰ বিভিন্ন অঞ্চলত হোৱা প্ৰবল শিলাবৃষ্টিৰ ফলত বোকাখাতৰ ৰবি শস্যৰ কৃষিপথাৰ সমুহত প্ৰচুৰ ক্ষয়ক্ষতি হয় কৃষক ৰাইজৰ।

মহকুমাটোৰ বৃহত্তৰ কুৰুৱাবাহী অঞ্চলৰ চিনাকান, ৰঙাগড়া, ধনশিৰি হাঁহচৰা, যোগনীয়া, গেলাবিল,ৰজাবাৰী আদি অঞ্চলৰ লগতে মহকুমাটোৰ বহু সংখ্যক অঞ্চলত সৰিয়হ, ৰঙলাও,বিলাহি, কবি, কেৰেলা আদিৰ হাজাৰ হাজাৰ বিঘা শস্যৰ ভূমিত হোৱা বৃহৎ আকাৰৰ শিলাবৃষ্টিয়ে লক্ষ লক্ষ টকাৰ ক্ষতিসাধন কৰে কৃষক সকলৰ।

উল্লেখযোগ্য যে যোৱাটো ভদীয়া বানৰ কবলত সমুলঞ্চে জাহ গৈছিল এইসকল কৃষকৰ বিস্তৃত ধাননি পথাৰ। কিন্তু লক্ষণীয়ভাৱে মহকুমাটোৰ কৃষিবিভাগৰ চুড়ান্ত অকৰ্মণ্যতা আৰু কৃষিমন্ত্ৰীৰ অমনোযোগিতাৰ বাবেই যোৱাটো বৰ্ষৰ ক্ষতিপূৰণ লাভৰ পৰা বঞ্চিত হৈ ৰ’ল বানত ক্ষতিগ্ৰস্ত মহকুমাটোৰ কৃষকসকল।ইয়াৰ পিছতো অধিকাংশ কৃষকেই চৰকাৰী সা- সুবিধাৰ অবিহনেই ধাৰ-ঋণৰ উপৰিও গাঁঠিৰ ধন ভাঙি কৰিছিল ৰবি শস্যৰ খেতি কিন্তু পুনৰবাৰ এই শিলাবৃষ্টিৰ ফলত তচনচ হৈ গ’ল কৃষকৰ স্বপ্ন।

শিলাবৃষ্টিয়ে ক্ষতিসাধন কৰে কৃষকৰ

ইফালে বৃহত্তৰ কুৰুৱাবাহী অঞ্চলৰ শস্য পথাৰত হোৱা ক্ষয়ক্ষতিৰ লগতে বহুলোকৰ বাসগৃহৰো বিস্তৰ ক্ষতি কৰে শিলাবৃষ্টিয়ে। বহু পৰিয়ালৰ বাসগৃহৰ টিনপাত ফুটি বৰ্তমান হাঁহাকাৰ অৱস্থাৰ পৰিপেক্ষিতত কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ এই লোক সকলে তৎকালিন ভাৱে বিধায়ক পুঁজি আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা প্ৰাপ্য ক্ষতিপুৰণ দাবী কৰিছে।

লগতে পঢ়ক- টীয়কত কোকিলকণ্ঠী লতা মংগেছকাৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ইফালে বিধানসভা সমষ্টিটোৰ প্ৰতি পঞ্চায়ত এলেকাৰ শিলাবৃষ্টিৰ ফলত নষ্ট হোৱা পথাৰৰ সৰিয়হ , বড়োধানৰ কঠিয়া-খেতিৰ লগতে ঘৰ বাৰী নষ্ট হোৱা পৰিয়ালবৰ্গৰ তথ্য সংগ্ৰহ কৰি এসপ্তাহৰ ভিতৰত ইয়াৰ শ্বেতপত্ৰ ৰাজহুৱা কৰাৰ লগতে অতিশীঘ্ৰে প্ৰতিটো পৰিয়ালক ক্ষতিপূৰণ আদায় দিয়াৰ দাবীত গোলাঘাট জিলা উপায়ুক্তলৈ ইতিমধ্যে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে জীপাল কৃষক শ্ৰমিক সংঘই ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply