নিউজ ডেস্ক- বিধানসভাৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই তৎপৰ হৈ পৰিছে প্ৰশাসন।

ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে তীব্ৰ অভিযান চলাইছে প্ৰশাসনে।

হাজোত উদ্ধাৰ হৈছে অবৈধ মাৰণাস্ত্ৰ। কামৰূপ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে দুটা পিস্তলসহ ৬০জাই সক্ৰিয় গুলী।

আৰু পঢ়কঃ চৰাইদেউৰ বৰহাটত ব্ৰাউন ছুগাৰ জব্দ

লগতে আৰক্ষীয়ে গুলীচালনাৰ ঘটনাৰ লগত জড়িত এটা ডকাইতকো প্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

দুৰ্ধৰ্ষ ডকাইতটোৰ নাম চানফুল আলী বুলি আৰক্ষীয়ে জনাইছে।

দীৰ্ঘদিন ধৰি হাজো অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল চানফুলে।

কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু ৰঙিয়াৰ মহকুমাধিপতিৰ নেতৃত্বত চলা এই অভিযানত আটক কৰা হয় দুৰ্ধৰ্ষ ডকাইতটোক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply