নিউজ ডেস্কঃ ৰাজ্যত একাংশ বিভাগীয় কৰ্তৃপক্ষৰ সহযোগতে চলি আছে অবৈধ মাটি খনন।

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অবৈধ মাটি খনন,বন ধ্বংসৰ লগত জড়িত হৈ আছে বন সংমণ্ডলৰ একাংশ ঘোচখোৰ বিষয়া।

উত্তৰ কামৰূপ বন সংমণ্ডলৰ হাজো বনাঞ্চলিক বিভাগৰ অধীনৰ বঙালপাৰা, ভেলকৰ,আন্ধূপাৰা,টাঙোনমাৰী আদি বিভিন্ন ঠাইত অবৈধভাৱে পূৰ্ণ গতিত চলি আছে মাটি খনন অভিযান।

ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত জিলা প্ৰশাসনৰ লগতে কামৰূপ বন সংমণ্ডলৰ একাংশ ঘোচখোৰ বিষয়াৰ প্ৰত্যক্ষ সহযোগত দৈনিক ডাম্পাৰ আৰু জেচিবিৰ হাতোৰা।

জধেমধে নদীৰ খনন কাৰ্য চলি থকাৰ ফলত প্ৰতিবছৰে বঙালপাৰা পাৰঘাটত শোকাবহ মৃত্যুৰ ঘটনা পৰ্যন্ত সংঘটিত হৈছে।

আৰু পঢ়কঃলেখাপানীত পিষ্টল-সজীৱ গুলিসহ NSCN-k কেডাৰ গ্ৰেপ্তাৰ

উত্তৰ কামৰূপ বনসংমণ্ডল ও হাজো বনাঞ্চলৰ একাংশ বিষয়াৰ লগতে কৰ্মচাৰীৰ সৈতে এক গোপন বুজা বুজিৰে ভূ-মাফিয়াই জধেমধে অবৈধভাৱে এই ধ্বংস লীলা চলাই আছে বুলি সচেতন ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

আনকি এইক্ষেত্ৰত উত্তৰ কামৰূপ বন সংমণ্ডলৰ বিষয়া দীপক ডেকাইয়ো চকু মুদা কুলিৰ ভাৱত থকাৰো অভিযোগ উত্থাপিত হৈছে।

গতিকে এই ক্ষেত্ৰত কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ লগতে বনবিভাগৰ উচ্চ পদস্থ বিষয়া ও বিভাগীয় মন্ত্ৰীক এই সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰি শীঘ্ৰেই তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে হাজো সমষ্টিৰ সচেতন ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply