নিউজ ডেস্ক: হাফপেন্ট বিতৰ্কৰ তদন্ত ঘোষণা অসম কৃষি বিশ্ববিদ্যালয়ৰ ।
কৃষিবিশ্ববিদ্যালয়ৰ তিনিজনীয়া তদন্ত কমিটি গঠন ।
বিভাগীয় মূৰব্বী ড: জয়ন্ত ডেকাৰ নেতৃত্বত গঠন হৈছে কমিটি খন।
কাইলৈ বিশ্বনাথলৈ যাব তিনিজনীয়া কমিটিখন | বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁইয়ে সংবাদ মাধ্যমত সদৰী কৰিছে এই কথা ।
লগতে পঢ়ক –হাফ পেণ্ট পিন্ধাৰ বাবেই পৰীক্ষাত বহিব নিদিলে এগৰাকী যুৱতীক
তেজপুৰৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্স(GIPS)ত যোৱা ১৬ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা বিএছচি এগ্ৰিৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বিশ্বনাথৰ পৰা আহিছিল জুৱলী তামুলী নামৰ ছাত্ৰী গৰাকী।
অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰীক্ষা পৰ্যবেক্ষকে ছাত্ৰীগৰাকীক হাফপেণ্ট পিন্ধি পৰীক্ষাত বহাৰ অনুমতি দিবলৈ অসন্মত হৈছিল।
পিছত পৰ্দা পিন্ধাই পৰীক্ষাত বহিছিল ছাত্ৰী গৰাকী ।
এই ঘটনাক লৈ ৰাজ্যৰ লগতে দেশজুৰি চৰ্চা চলাৰ সময়তে বিশ্ববিদ্যালয়ে তদন্ত ঘোষণা কৰিছে ।