গুৱাহাটী : সন্দিকৈ ছোৱালী মহাবিদ্যালয় মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা। কামৰূপ মহানগৰ জিলা প্ৰশাসনে সন্দিকৈ ছোৱালী মহাবিদ্যালয় মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে। মহাবিদ্যালয়খনত ক’ভিডৰ সংক্ৰমণ।
গুৱাহাটী মহানগৰীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ক মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। মহাবিদ্যালয়খনৰ ছাত্ৰী আৰু কৰ্মচাৰী ক’ভিডত আক্রান্ত হোৱাৰ বাবেই জিলা প্ৰশাসনে মহাবিদ্যালয়খনক মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে।
কামৰূপ মহানগৰ জিলা প্ৰশাসনে ১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ক মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে। অহা ৭ ডিচেম্বৰ পৰ্যন্ত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ক মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।
লগতে পঢ়ক : উজনি অসমৰ আয়ুক্ত তথা ভোটাৰ তালিকাৰ পৰ্যবেক্ষক সিদ্ধাৰ্থ সিঙৰ জিলা প্ৰশাসনৰ লগত গুৰুত্বপুৰ্ণ বৈঠক
এই সময়ছোৱাত মহাবিদ্যালয়খনত পাঠদান বন্ধ থাকিব। অৱশ্যে অনলাইন ক্লাছ অব্যাহত থাকিব। উল্লেখ্য ৰাজ্যৰ কেইবাখনো বিদ্যালয় আৰু মহাবিদ্যালয় ক’ভিডৰ বাবে বন্ধ কৰি দিয়া হৈছে। ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰী ক’ভিডত আক্রান্ত হোৱা বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ কৰি দিয়া হৈছে।