পল্লব মিলি, লখিমপুৰঃ অসমৰ উত্তৰ লখিমপুৰৰ থ্ৰেড বেংকৰ উদ্যোগ সূতাই অসমৰ এখনত গাঁৱত মহিলাসকলৰ বাবে তাঁত শালৰ বয়নক এক কাৰ্যকৰী জীৱিকাৰ বিকল্প হিচাপে গঢ়ি তুলিছে।

লখিমপুৰ জিলাৰ পাথৰিচোক গাঁৱৰ বোৱাৰী সকলে পৰম্পৰাটো জীয়াই ৰাখিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। উত্তৰ লখিমপুৰৰ এটা বয়ন কেন্দ্ৰ পাথিৰিচুক গাওঁখনত মহিলাসকলৰ জীৱিকাৰ এনে কামৰ ক্ষেত্ৰত আগবাঢ়িছে। 

পাথৰিচুক গাঁৱৰ মহিলাসকলে ঘাই-ঘামিক নামেৰে জনাজাত থলুৱা মিচিং হীৰাৰ আৰ্হিত ষ্টল, গন’ক উবন, মিবো গালোক, টান কাপুৰ আৰু স্কাৰ্ফ তৈয়াৰ কৰাত ব্যস্ত হৈ নিজৰ উপাৰ্জনৰ পথ বাছি লৈছে।

জানিব পৰা অনুসৰি  প্ৰতিগৰাকী মহিলাৰ কাষত এখন ডাঙৰ বগা পুস্তিকা আছে। এই পুস্তিকাই হৈছে তেওঁলোকৰ বেংক একাউণ্ট।

তেওঁলোকৰ জীৱনৰ এই পৰিৱৰ্তন ‘সূতা’ৰ দ্বাৰা অনা হৈছে আৰু এই সূতা হৈছে এটা বেচৰকাৰী সংগঠনৰ দ্বাৰা আৰম্ভ কৰা এক পদক্ষেপ। মহিলাসকলে সঞ্জয় পায়েং নামৰ ব্যক্তিজনৰ নেতৃত্বত উপাৰ্জনৰ এই পথ এতিয়া বাছি লৈছে। আৰু পায়েং হৈছে থ্ৰেড বেংকৰ এজন গুৰুত্বপূৰ্ণ সদস্য।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply