নিউজ ডেস্ক : আজি ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলীৰ জন্মদিন। গুণমুগ্ধ সকলৰ মাজত ‘দাদা’ হিচাপে জনপ্ৰিয় গাংগুলীক ভাৰতীয় দলৰ এগৰাকী সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ কেপ্টেইন হিচাপে ধৰা হয়।
আহকচোন ৪৯ বছৰত ভৰি দিয়া দিনটোত আমি এসময়ৰ এই দুৰ্দান্ত ক্ৰিকেটাৰ গৰাকীৰ বিষয়ে কিছু কথা জানো :
- সৌৰভ গাংগুলী এগৰাকী বাওঁহতীয়া বেটছমেন যদিও লিখা-মেলা কৰা, বল দিয়া আদি বাকী সকলো কামতে তেও সোঁহতীয়া। তেওঁ বাওঁহতীয়া হৈ বেটিং কৰিছিল কাৰণ যিহেতু তেওঁৰ ককায়েক বাওঁহতীয়া আছিল আৰু সেয়ে তেওঁ ককায়েকৰ কীটজোৰ ব্যৱহাৰ কৰিব পাৰিছিল।
- এদিনীয়া ক্ৰিকেটত ১১,৩৬৩ ৰানেৰে গাংগুলী এদিনীয়া মেচত সৰ্বাধিক ৰান স্ক’ৰ কৰা বেটছমেনৰ ভিতৰত বিশ্বৰ ৯ নম্বৰ স্থানত থকাৰ বিপৰীতে শচিন তেণ্ডুলকাৰ আৰু বিৰাট কোহলীৰ পিছতে ভাৰতৰ তৃতীয় স্থানত আছে।
- একেৰাহে চাৰিখন এদিনীয়া মেচত ‘মেন অৱ দ্যা মেচ’ অৰ্জন কৰিবলৈ সক্ষম হোৱা তেওঁ একমাত্ৰ ক্ৰিকেটাৰ। ইয়াৰ উপৰি তেওঁ শতক অৰ্জন কৰা এখনো মেচত ভাৰত পৰাস্ত হোৱা নাই।
- উল্লেখযোগ্য যে এগৰাকী বেটছমেন হোৱাৰ পিছতো বলিঙৰ ক্ষেত্ৰটো তেওঁ যথেষ্ট ভাল পাৰদৰ্শিতা দেখাইছিল। এদিনীয়া ক্ৰিকেটত ১০,০০০ ৰান, ১০০ টা উইকেট আৰু ১০০ টা কেচ ধৰাৰ অভিলেখ ৰচা তেওঁ বিশ্বৰ ৬ গৰাকী ক্ৰিকেটাৰৰ অন্যতম।
- ইয়াৰ উপৰি তেওঁ ভাৰতৰ বাহিৰৰ মাটিত হোৱা টেষ্ট ক্ৰিকেটৰ আটাইতকৈ সফল কেপ্টেইন। তেওঁ নেতৃত্বত ভাৰতে বিদেশত খেলা ২৮ খন মেচৰ ১১ খনত জয়লাভ কৰিছে।
- Geoffrey Boycott-এ তেওঁক ‘দ্যা প্ৰিন্স অৱ কলকাতা’ বুলি অভিহিত কৰিছিল। মাক-দেউতাকে মৰমতে তেওঁক ‘মহাৰাজ’ বুলি মতাৰ লগতে বহুতে তেওঁক ‘ৰয়েল বেংগল টাইগাৰ’ বুলি মাতি ভাল পায়।
- ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত ২০১৯ চনৰ ২৩ অক্টোবৰত সৌৰভ গাংগুলীয়ে বি চি চি আইৰ ৩৯ সংখ্যক সভাপতিৰ দায়িত্ব লয়।
লগতে পঢ়ক : মহানগৰীত আজিৰে পৰা সান্ধ্য ভ্ৰমণৰ বাবে ওলাই নাহিব