আমিনগাঁও : “আশাকৰ্মীসকলে প্ৰস্তুত কৰা তালিকাৰ সহায়ত ভোটকেন্দ্ৰ ভিত্তিত প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰক আৰু প্ৰতিষেধক প্ৰদানৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি ভোট কেন্দ্ৰ পৰ্যায়ত মানচিত্ৰ প্ৰস্তুত কৰক।’’ “হৰ ঘৰ দস্তক” অভিযানৰ ক্ষেত্ৰত জিলাখনৰ জ্যেষ্ঠ পৰ্যবেক্ষকৰ দায়িত্বত থকা প্ৰধান সচিব কে কে দ্বিবেদীয়ে সোমবাৰে জিলা উপায়ুক্তৰ সভাকক্ষত আয়োজিত এখন সভাত পৰিষেধক প্ৰদানৰ লগত জড়িত বিষয়াসকলক উদ্দ্যেশি এইদৰে কয়। তেওঁ আৰু কয় যে জিলাখনত এতিয়াও যিসকল লোকে প্ৰতিষেধক গ্ৰহণ কৰা নাই, তাৰ সঠিক কাৰণ উদঘাটন কৰি সেইমতে ব্যৱস্থা ল’ব লাগিব। অহা ৫ ডিচেম্বৰলৈ প্ৰতি ঘণ্টাৰ মূৰে মূৰে প্ৰতিষেধক প্ৰদানৰ প্ৰতিবেদন লোৱাৰ ব্যৱস্থা কৰিবলৈও জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনক তেওঁ নিৰ্দেশ দিয়ে।
তদুপৰি কোনজন লোকে কি কাৰণে প্ৰতিষেধক নলয়, সেয়াও এই প্ৰতিবেদনত উল্লেখ থাকিব লাগিব বুলি কে কে দ্বিবেদীয়ে কয়। এই অভিযানত গাঁও পঞ্চায়ত আৰু আত্মসহায়ক গোটবিলাকৰ সহায় ল’বলৈও তেওঁ পৰামৰ্শ দিয়ে। জিলাখনৰ অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে প্ৰণৱ দত্ত গোস্বামী আৰু মানালী জৈন, সদৰ মহকুাধিপতি সুজাতা গগৈ, চক্ৰ বিষয়াসকল, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু অন্যান্য বিষয়া-কৰ্মচাৰীসকলৰ উপস্থিতিত অনুষ্ঠিত সভাত উপস্থিত থাকি জিলাখনৰ পৰ্যবেক্ষকৰ দায়িত্বত থকা আয়ুক্ত সচিব কবিতা পদ্মনাভনে কয় যে যিসকল লোকক আশাকৰ্মীসকলে প্ৰতিষেধক ল’বলৈ মান্তি কৰাব পৰা নাই, তেনে লোকসকলৰ ওচৰলৈ জ্যেষ্ঠ বিষয়াসকল যাব লাগিব। বিশেষকৈ ডাক্তৰসকল নিজে গ’লে তেওঁলোকে প্ৰতিষেধক ল’বলৈ আগবাঢ়ি আহিব বুলিও তেওঁ কয়।
আনহাতে এতিয়াও ভোটাৰ তালিকাত নাম নথকা অথচ ১৮ বছৰ পূৰ্ণ কৰা লোকসকলকো প্ৰতিষেধক প্ৰদানৰ বাবে পদক্ষেপ ল’বলৈও তেওঁ আহ্বান জনায়। সভাৰ অন্তত পৰ্যবেক্ষক দুগৰাকীৰ উপস্থিতিত কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন আৰু জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে সাংবাদিকসকলেৰে মত বিনিময় কৰে। ইয়াৰ পিছতে পৰ্যবেক্ষকদ্বয়ে জালুকবাৰী আৰু কমলপুৰৰ কেইবাটাও ভোটকেন্দ্ৰৰ অধীনৰ লোকসকলৰ ওচৰলৈ গৈ প্ৰতিষেধক ল’বলৈ উদগনি যোগায়। উল্লেখযোগ্য যে দেশত ক’ভিড প্ৰতিষেধক প্ৰদান সম্পূৰ্ণ কৰিবৰ কেন্দ্ৰীয় চৰকাৰে হাতত লোৱা “হৰ ঘৰ দস্তক” অভিযানৰ অংশ হিচাপে ভোটদান কেন্দ্ৰ ভিত্তিত ৰাজ্যখনৰ এলেকাসমূহ সামৰি অসমৰ সকলো যোগ্য লোকৰ এশ শতাংশ পৰিষেধক প্রদানৰ বাবে ৰাজ্য চৰকাৰেও বৃহৎ নিৰীক্ষণ কাৰ্যসূচী হাতত লৈছে।
২৯ নৱেম্বৰৰ পৰা অহা ৫ ডিচেম্বৰৰ ভিতৰত এই লক্ষ্যত উপনীত হ’বৰ বাবে অসমৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী বৰ্গ, সাংসদ, বিধান সভাৰ সদস্য আৰু মুখ্য সচিবকে ধৰি জেষ্ঠ বিষয়াসকলে ভোটদান কেন্দ্ৰৰ অঞ্চলসমূহ পৰিদৰ্শন কৰিব। এই অভিযানৰ যোগেদি যিসকল ব্যক্তিয়ে এতিয়াও প্ৰতিষেধ লোৱা নাই বা দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিবলৈ বাকী আছে বা কোনো কোনোৱে অনিহা প্ৰদৰ্শন কৰিছে, তেওঁলোকেও প্ৰতিষেধক গ্ৰহণ কৰাটো সুনিশ্চিত কৰা হ’ব। এই অভিযান সুচাৰুৰূপে সম্পন্ন কৰিবলৈ প্ৰথম পৰ্যায়ত ৮ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ ইতিমধ্যে আশা কৰ্মীসকলে ভোটকেন্দ্ৰ ভিত্তিত তালিকা প্ৰস্তুত কৰিছে আৰু স্বাস্থ্য বিভাগে প্ৰতিষেধক দিয়াৰো ব্যৱস্থা কৰিছে। ইয়াৰ ভিত্তিত ২৯ নৱেম্বৰৰ পৰা পুনৰীক্ষণ কৰা হ’ব।
লগতে পঢ়ক : হিন্দু ফেডাৰেশ্যৰ নামত চান্দা সংগ্ৰহ কৰি আৰক্ষীৰ জালত যুৱক
১০০ শতাংশ প্ৰতিষেধক প্ৰদান সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে হাতত লোৱা এই অভিযান কামৰূপ জিলাত সফল কৰি তুলিবৰ বাবে ১,৬১৪ টা ভোটকেন্দ্ৰৰ বাবে জিলাখনত ৪ জন ন’ডেল বিষয়া, ৩২গৰাকী মাণ্ডলিক বিষয়া, ১১৪গৰাকী খণ্ড বিষয়া মনোনীত কৰাৰ উপৰি আশা কৰ্মী, বুথ লেভেল অফিচাৰ আৰু শিক্ষকসকলৰ মাজৰ পৰা টিকাকৰণ পৰ্যবেক্ষক আৰু সহযোগী টিকাকৰণ পৰ্যবেক্ষক নিয়োগ কৰি চাৰিজনীয়াকৈ মুঠ ১,৬১৪ টা টিকাকৰণ পৰীক্ষণ দল গঠন কৰা হৈছে। জিলাখনত ২৯ নৱেম্বৰৰ পৰা এই মনোনীত লোকসকলে ভোটকেন্দ্ৰ পৰ্যায়ত পৰীক্ষণ কৰি টিকাকৰণ সুনিশ্চিত কৰিব। এইখিনিতে উল্লেখ কৰিব পাৰি যে কামৰূপ জিলাত এতিয়ালৈকে ১৭,৬৭,৭৫৯ পালি ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। ইয়াৰে ১১,৩৬,৬১২ টা প্ৰথম পালি আৰু ৬,৩১,১৪৭ টা দ্বিতীয় পালিৰ ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে।