নিউজ ডেস্কঃ স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সমগ্ৰ দেশতে উদযাপিত হৈ থকা ‘আজাদী কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে অহা ১৩, ১৪ আৰু ১৫ আগষ্টত ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযান হিচাপে সমগ্ৰ দেশতে পালন কৰিবলৈ স্থিৰ কৰা হৈছে৷

“হৰ ঘৰ ত্ৰিৰংগা” অভিযানৰ প্ৰচাৰৰ বাবে নলবাৰী জিলা কৃষি বিভাগেও বিভিন্ন পদক্ষেপ হাতত লৈছে। এই অভিযান সফল কৰিবলৈ বিভাগীয় বিষয়া, কৰ্মচাৰীসকলৰ সৈতে আলোচনাত মিলিত হয় জিলা কৃষি বিষয়া হবিবুল হক।

জিলাখনৰ বিষয়া কৰ্মচাৰী আৰু বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ প্ৰতিটো পৰিয়ালৰ ঘৰত উক্ত তিনিওটা দিনতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। সমূহ বিষয়া-কৰ্মচাৰী তথা বিভিন্ন আঁচনিৰ হিতাধিকাৰী কৃষক তথা কৃষক গোট, কৃষি সামগ্ৰী বিক্ৰী প্ৰতিষ্ঠানৰ ঘৰ আৰু বিক্ৰী প্ৰতিষ্ঠানে যাতে উক্ত দিনত ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ সৈতে জড়িত হ’ব পাৰে তাৰ বাবে এক সজাগতা সভা অনুষ্ঠিত কৰা হৈছে।

উল্লেখ্য যে, জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়ত জিলা কৃষি বিষয়া হবিবুল হক, সহকাৰী কৃষি সঞ্চালক যোগেশ্বৰ ৰাজমেধি, মহকুমা কৃষি বিষয়া কুমুদ হালৈ(উদ্যান শস্য) আৰু জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া ৰমেন ডেকা আৰু সৰজু দাসৰ উপস্থিতিত এই সজাগতা সভা অনুষ্ঠিত হয়। ইয়াৰ উপৰিও পতাকা বিক্ৰী আৰু ক্ৰয়ৰ ব্যৱস্থাও কৰে নলবাৰী জিলা কৃষি বিভাগে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply