গুৱাহাটীঃ হাতীগাঁৱৰ সিজুবাৰীৰ পৰা নিৰুদ্দেশ হোৱা ভাতৃ-ভগ্নীক বিহাৰৰ কিষাণগঞ্জত উদ্ধাৰ। তেওঁলোকৰ পিতৃয়ে হাতীগাঁও আৰক্ষীচকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই বিহাৰৰ কিষাণগঞ্জৰ পৰা দুয়োকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
শুকুৰবাৰে হাতীগাঁৱৰ নিজ বাসগৃহৰ পৰাই অপহৰণ কৰা হৈছিল ১৩ বছৰীয়া কিশোৰী আৰু চাৰি বছৰীয়া শিশুটিক। এই অপহৰণ কাণ্ডটোৰ মাষ্টাৰ মাইণ্ড শ্বাহৰুখ খান নামৰ এজন ব্যক্তি বুলি তেওঁলোকৰ পিতৃয়ে এজাহাৰত উল্লেখ কৰিছে। যিগৰাকী ব্যক্তিৰ সৈতে তেওঁৰ পত্নীৰ অবৈধ সম্পৰ্ক আছিল। শনিবাৰে বিহাৰ আৰক্ষীয়ে কিষাণগঞ্জৰ পৰা ভাতৃ-ভগ্নীক উদ্ধাৰ কৰে। দুয়োকে যি স্থানৰ পৰা উদ্ধাৰ কৰা হয় সেই স্থানত তেওঁলোকৰ মাতৃ আৰু শ্বাহৰুখ নামৰ ব্যক্তিজনো উপস্থিত আছিল। আৰক্ষীয়ে ইতিমধ্যে দুয়োকে আটক কৰিছে। দুই ভাতৃ-ভগ্নীক এগৰাকী অচিনাক্ত ব্যক্তিয়ে ফুচুলাই বাসগৃহৰ পৰা লৈ গৈছিল বুলি পিতৃয়ে উল্লেখ কৰিছে। বিহাৰৰ পৰা ভাতৃ-ভগ্নীক নিজ গৃহলৈ ঘূৰাই আনিবলৈ হাতীগাঁও আৰক্ষীৰ এটা দল বিহাৰলৈ ৰাওনা হৈছে।