হাতীগাঁওঃ হাতীগাঁৱৰ সিজুবাৰীৰ পৰা ভাতৃ-ভগ্নী সন্ধানহীন হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজ বাসগৃহৰ পৰাই সন্ধানহীন এগৰাকী ১৩ বছৰীয়া কিশোৰী আৰু এটি চাৰি বছৰীয়া শিশু। দুই ভাতৃ-ভগ্নীক অপহৰণ কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে। দুয়োকে প্ৰকৃততে অপহৰণ কৰা হৈছে নে তেওঁলোকে পলায়ন কৰিছে সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

জানিব পৰা মতে, শেহতীয়াকৈ তেওঁলোকৰ পিতৃ-মাতৃৰ বিচ্ছেদ ঘটিছে। তেওঁলোকৰ মাতৃয়ে তেওঁলোকক লৈ যোৱা বুলিও সন্দেহ কৰিছে আৰক্ষীয়ে।

লগতে পঢ়কঃমহানগৰীত পুনৰ ড্ৰাগছসহ আটক এজন ড্ৰাগছ সৰবৰাহকাৰী

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, “মাতৃ শেহতীয়াকৈ তেওঁলোকৰ পৰা পৃথকে থাকে। যিহেতু আজি দেউতাক ঘৰত নাছিল, গতিকে মাতৃয়ে গোপনে তেওঁলোকক লৈ যোৱাৰ সন্দেহ কৰা হৈছে।” অৱশ্যে এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply