জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ হাটিঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা জামুগুৰিস্থিত সৰুভগীয়া নিবাসী জিতু ৰঞ্জন শৰ্মালৈ কৃতি শিক্ষক বটা প্ৰদান।

তেজপুৰস্থিত জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত শোণিতপুৰ জিলা শিক্ষক দিৱস উদযাপন সমিতিৰ তৰফৰ পৰা জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসৰ হাতৰ পৰা কৃতী শিক্ষক বটা গ্ৰহণ কৰে শিক্ষকগৰাকীয়ে ।

উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসৰ লগতে বহুকেইজন গন্য মান্য ব্যক্তি ।

শৰ্মাই ১৯৭৮ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৮০ চনত উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পিছতে ছাত্ৰ আন্দোলন হোৱাৰ বাবে কেইবছৰমান অবাবত সময়বোৰ নষ্ট হ’ল যদিও ১৯৮৭ চনত দৰং মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয় ।

তাৰপিছতে ১৯৮৯ চনত অপ্ৰাদেশীকৃত অৱস্থাত হাটিঙা উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে যোগদান কৰে শৰ্মাই ।

লগতে পঢ়কঃবানৰ কবলত পৰি ফচল নষ্ট হোৱা কৃষকৰ মাজত হাহাকাৰ

২০১৩ চনত বিদ্যালয়খন প্ৰাদেশীকিকৰণ হয় । শিক্ষকতা কৰি থকা অৱস্থাতে পুনৰ ২০১৬ চনৰ জানুৱাৰী মাহৰ ১ তাৰিখৰ পৰা শৰ্মাই প্ৰধান শিক্ষকৰ দায়িত্ব লব লগা হয় ।

এফালে প্ৰধান শিক্ষক আনফালে বিজ্ঞান শিক্ষকৰ দৰে দুয়োটা গধুৰ দায়িত্ব চলাই নিয়াত অসুবিধা হলেও এক নতুন উৎসাহেৰে নিজৰ কৰ্ম দায়িত্ব সততাৰে পালন কৰি গৈছিল শৰ্মাই ।

আগন্তুক ২০২২ চনৰ জানুৱাৰী মাহত জিতু ৰঞ্জন শৰ্মাই অৱসৰ ল’ব যদিও শিক্ষা বিভাগৰ ফালৰ পৰা কৃতি শিক্ষকৰ সন্মান প্ৰদান কৰাৰ খবৰে তেওঁক অধিক আনন্দিত কৰায়।

জিতু শৰ্মাই শিক্ষকতাৰ কালছোৱাত বিভিন্ন শিক্ষাৰ লগত জড়িত অনুষ্ঠান – প্ৰতিষ্ঠানসমূহত যোগদান কৰাত প্ৰায় ২৫ খন মান প্ৰমান পত্ৰ পাবলৈকো সক্ষম হয় । তেওঁৰ এনে সুখবৰৰ বাবে অঞ্চলবাসীৰ লগতে হাটিঙা অঞ্চলৰ ৰাইজো আনন্দিত হোৱা পৰিলক্ষিত হয় ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply