দক্ষিণ শালমাৰা : বিগত দুদিন ধৰি হাটশিঙিমাৰীৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ধলে হাটশিঙিমাৰীৰ বিস্তীৰ্ণ অঞ্চলত কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিছে। কৃত্ৰিম বানপানীৰ ফলত হাটশিঙিমাৰীস্থিত জিলা পৰিবহন বিভাগৰ কাৰ্যালয়লৈ যোৱা একমাত্ৰ চিচি ব্লক পথটি বিধ্বস্ত হৈ পৰাত পথচাৰীয়ে একাটু পানী ভাঙি বিপদজনকভাৱে যাতায়ত কৰিবলগীয়া হৈছে।

মেঘালয়ত সামান্য কিনকিনিয়া বৰষুণ হ’লেই অসম-মেঘালয় সীমান্তস্থিত হাটশিঙিমাৰী জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ৰ সম্মুখত থকা একমাত্ৰ চিচি ব্লক পথৰ ওপৰেদি গাৰো পাহাৰৰ পানী নিগৰি আহে। পূৰ্বে প্ৰাকৃতিকভাৱে মেঘালয়ৰ গাৰো পাহাৰৰ পানী ব্ৰহ্মপুত্ৰ নদীত নিগৰি গৈছিল যদিও হাটশিঙিমাৰীত একাংশ লোক পৰিকল্পনাহীনভাৱে অট্টালিকা নিৰ্মাণ কৰাৰ লগতে বাউণ্ডাৰী ওৱাল নিৰ্মাণ কৰাত পানী ওলাৱ নোৱাৰা পৰিস্থিতি সৃষ্টি হৈছে।ফলত হাটশিঙিমাৰী কৃত্ৰিম বানপানীৰ কবলত পৰাৰ লগতে জিলা উপায়ুক্তৰ কাৰ্যালয়, মানকাচৰ প্ৰাথমিক শিক্ষা খণ্ড বিষয়াৰ কাৰ্যালয়, জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াৰ বাসভৱন আদি জলমগ্ন হৈ পৰে। একেদৰে পাহাৰৰ পৰা নামি অহা পানী জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ৰ সম্মুখত থকা একামত্ৰ পথটিৰ ওপৰেদি নিগৰি অহাৰ ফলত পথটি সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে।

লগতে পঢ়ক : তেজপুৰত পথাৰত ভূই ৰুলে বিধায়ক পৃথ্বীৰাজ ৰাভাই

যোৱা প্ৰায় ২ বছৰ পূৰ্বে পথটি নতুনকৈ নিৰ্মাণ কৰা হৈছিল যদিও পথটি এতিয়া দ খালত পৰিণত হৈ পৰাত যাতায়ৰ বাবে অনুপোগী হৈ পৰিছে। এই পথটিৰ ওপৰেদি একপ্ৰকাৰে বাধ্যতামূলকভাৱে জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ৰ মানুহ অহা-যোৱা কৰিবলগীয়া হৈছে। বিধ্বস্ত এই পথটিৰ ওপৰেদি একাঠু পানী ভাঙি বিপদজনকভাৱে যাতায়াত কৰিবলগীয়া হৈছে ৰাইজ। এই সমস্যাৰ পৰা সমাধান পাবলৈ হ’লে পথটিৰ কাষেৰে নলা নিৰ্মাণ কৰিব লাগিব। নলা নিৰ্মাণ কৰিলে মেঘালয়ৰ গাৰো পাহাৰৰ পানী নলায়েদি নিগৰি গলেহে পথটো সুৰক্ষিত হৈ থাকিব বুলি স্থানীয় ৰাইজে নলা নিৰ্মাণৰ দাবী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply