হাটশিঙিমাৰী : হাটশিঙিমাৰী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচন। ১১ টা পদৰ বাবে ১৭৮৭ গৰাকী ছাত্ৰ ভোটাৰে নিৰ্ণয় কৰিব ৪২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে আৰম্ভ হ’ল ভোট গ্ৰহণ প্ৰক্ৰিয়া। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰস্থিত হাটশিঙিমাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত কৰা হৈছে।
মহাবিদ্যালয়খনত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ বাবে মুঠ ১১ টা পদত ৪২ গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে। এই ৪২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়ৰ বাবে পুৱা ৮ বজাৰ পৰা দূপৰীয়া ১ বজালৈ মুঠ ১৭৮৭ গৰাকী ছাত্ৰ ভোটাৰে ভোটদান কৰিব পাৰিব। ভোট গ্ৰহণ সম্পন্ন হোৱাৰ পিছত বিয়লি ২ বজাৰ পৰা ভোট গণনা আৰম্ভ হ’ব। সকলো ভোটাৰে শান্তিপূৰ্ণভাৱে যাতে ভোট দান কৰে তাৰ বাবে মহাবিদ্যালয়খনৰ অধ্যক্ষ বখতিয়াৰ খিলজীয়ে ছাত্ৰ সমাজক আহ্বান জনাইছে।
লগতে পঢ়ক : হাটশিঙিমাৰী মহকুমা ন্যায়িক আদালত চৌহদত ৰাষ্ট্ৰীয় লোক আদাল
মহাবিদ্যালয়খনত ছাত্ৰ একতা সভাৰ বাবে এইবাৰ মুঠ ভোটাৰৰ সংখ্যা ১৭৮৭ গৰাকী। ইয়াৰে ছাত্ৰ ভোটাৰৰ সংখ্যা ৯৪৪ জন হোৱাৰ লগতে ছাত্ৰী ভোটাৰৰ সংখ্যা ৮৪৩ গৰাকী। উল্লেখ্য যে দক্ষিণ শালমাৰা- মানকাচৰ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা আহি ছাত্ৰ-ছাত্রী সকলে হাটশিঙিমাৰী মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে।