সমগ্ৰ দেশ তথা ৰাজ্যবাসীয়ে আজি উদযাপন কৰে দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি দক্ষিণ শালমাৰা-মানকাচৰ জিলা কংগ্ৰেছ কৰ্মীয়ে আজি পুৱা ১১ বজাত হাটশিঙিমাৰী জিলা কংগ্ৰেছ ৰাজীৱ ভৱনৰ পৰা হাটশিঙিমাৰী ছুপাৰ মাৰ্কেট হৈ হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰলৈকে “স্বতন্ত্ৰতা যাত্ৰা” ৰূপায়ন কৰে।
উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন সমিতিৰ সহযোগত দক্ষিণ শালমাৰা-মানকাচৰ জিলা কংগ্ৰেছৰ সভাপতি তথা মানকাচৰৰ প্ৰাক্তন বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডল, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক মহিবুৰ ৰহমান মণ্ডল, জিলা কংগ্ৰেছৰ তত্বাৱধায়ক ৰফিকুল ইছলাম, জিলা যুৱ কংগ্ৰেছৰ তত্বাৱধায়ক ছকিবৰ ৰহমানকে ধৰি জিলাখনৰ বিভিন্ন স্তৰৰ প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মী জাতীয় পতাকা আৰু কংগ্ৰেছৰ বেনাৰ হাতত লৈ ভাৰত মাতা কি জয়, মহাত্মা গান্ধী অমৰ ৰহে আদি শ্ল’গানেৰে “স্বতন্ত্ৰতা যাত্ৰা” ৰূপায়ন কৰে।
লগতে পঢ়ক : চৰাইদেউতো স্বাধীনতা দিৱস উদযাপন আদ্ৰা ইণ্ডিয়াৰ উদ্যোগত সজাগতা সমদল
ইফালে, স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি হাটশিঙিমাৰী জিলা কংগ্ৰেছ ৰাজীৱ ভৱনত শনিবাৰে স্বাধীনতা দিৱসৰ আগদিনা বিয়লি ৩ মান বজাত জিলাখনৰ প্ৰায় শতাধিক জ্যেষ্ঠ নাগৰিকক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এখনকৈ মান পত্ৰ প্ৰদান কৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলা কংগ্ৰেছে।