হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্ত কৰ্তব্যৰত সীমান্ত সুৰক্ষা বাহিনীৰ এখন পেট্ৰলিং বাহন যোৱা ১৮ তাৰিখে ঝাউডাঙাৰ সীমান্তত দুর্ঘটনা হৈ এখন খাবৈত পৰে। ফলত দুজনকৈ বি এছ এফ জোৱান পানীৰ মাজত নিখোজ হৈ পৰে। প্ৰায় ২৪ ঘণ্টা ধৰি এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীৰ সমান্তৰাল ভাৱে স্থানীয় ৰাইজে পানীৰ পৰা দুজনক উদ্ধাৰৰ বাবে অভিযান চলায়। স্থানীয় পাঁচ গৰাকী ব্যক্তিয়ে ডুবাৰু হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে। দুৰ্ঘটনাৰ দিনাই বিয়লিৰ ভাগত হাটশিঙিমাৰীৰ ছানোৱাৰ হুছেইন নামৰ ডুবাৰু জনে বি এছ এফৰ গাড়ী চালক ধৰ্মেন্দৰ কাছানা মৃতদেহ পানীৰ তলৰ পৰা উদ্ধাৰ কৰাৰ লগতে দ্বিতীয় দিনা পুৱা প্ৰায় ১০ বজাত পানীত নিখোজ হৈ থকা জিতেন্দ কুমাৰ পাণ্ডেৰ মৃতদেহ তাৰাপদ দাস ,নালুৰাম দাস,বিমল দাস আৰু সুনিল দাসে বৰশীৰ সহায়ত উদ্ধাৰ কৰে ।
বি এছ এফৰ মৃতদেহ উদ্ধাৰ কৰা এই পাঁচ ব্যক্তিক আজি জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা সম্বৰ্ধনা জনাই মানপত্ৰ প্ৰদান কৰে। এই সম্বৰ্ধনা উপলক্ষে সীমান্তবৰ্তী ঝাউডাঙা হাইস্কুলত বিশিষ্ট সমাজ সেৱক আব্দুল হাকিমৰ সভাপতিত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। এই সভাৰ জৰিয়তে উক্ত ব্যক্তি কেইজনক নগদ ধন আৰু মানপত্ৰৰে সৰ্ম্ভধনা জনোৱা হয়।লগতে সেই সময়ত যিসকল লোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে উদ্ধাৰ কাৰ্যত সহয়োগ কৰিছিল তেওঁ লোককো এখনকৈ ফুলাম গামোচাৰে সৰ্ম্ভধনা জনোৱা হয়। এই মানপত্ৰ বিতৰণ সভাত মুখ্য অতিথি হিচাপে জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱাল, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সত্যৰঞ্জন শইকীয়া,উপ আৰক্ষী অধীক্ষক সাতকোকাই চাংচন, বি এছ এফৰ ঝালোচৰ কেম্পৰ কামাণ্ডেন্ট অমৰকে ধৰি ভালে মান ব্যক্তি উপস্থিত থাকি অনাগত দিনত সীমান্তৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত ৰাইজৰ এনে সহযোগিতা আৰক্ষী আৰু বি এছ এফে লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।