মানকাচৰ : বিগত তিনি দিন ধৰি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ মাতিনেৰ চৰত আতংকময় পৰিৱেশ বিৰাজ কৰিছে। জিলা প্ৰশাসনৰ উচ্ছেদক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই আতংকময় পৰিৱেশৰ। হাটশিঙিমাৰী জিলা প্ৰশাসনৰ উদ্যোগত মঙলবাৰে মাতিনেৰ চৰত প্ৰায় অৰ্ধ শতাধিক পৰিয়ালক উচ্ছেদ চলাবলৈ যোৱাত চৰকাৰী ভূমিত আশ্ৰয় লৈ থকা অৰ্ধ শতাধিক পৰিয়াল প্ৰতিবাদত বহে।
প্ৰতিবাদকাৰী সকলক আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে অমানবিকভাৱে চোচৰাই উচ্ছেদ চলাবলৈ ধৰাত চৰকাৰী ভূমি দখলকাৰী সকলে নিজৰ ঘৰ স্থানান্তৰ কৰাৰ বাবে সময় বিচাৰি জিলা প্ৰশাসনক দাবী জনায়। চৰকাৰী ভূমিত আশ্ৰয় লৈ থকা পৰিয়াল কেইটাৰ দাবীৰ ভিত্তীত জিলা প্ৰশাসনৰ ফালৰ তিনি দিনৰ সময় বান্ধি দিয়া হয়। এই তিনি দিনৰ দুদিন সময় ইতিমধ্যে উকলি যোৱাৰ লগতে শুক্ৰবাৰৰ ভিতৰত মাতিনেৰ চৰৰ চৰকাৰী ভূমি বেদখমুক্ত নকৰিলে শনিবাৰে পুনৰ উচ্ছেদ অভিয়ান চলোৱা হ’ব।
এনে পৰিস্থিতিৰ মাজত মাতিনেৰ চৰত অৰ্ধ শতাধিক পৰিয়ালৰ মাজত আতংকময় পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। বৃহস্পতিবাৰে সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি ৰেজাউল কৰিম সৰকাৰসহ আমছুৰ সজাতি দল এটা দিনৰ প্ৰায় ১ বজাত উপস্থিত হয় মাতিনেৰ চৰ গাঁৱত। আমছুৰ সজাতি দলক দেখি মাতিনেৰ চৰৰ এই সকল ভূক্তভূগী পৰিয়াল কেইটা আবেগিত হৈ পৰে। ৰেজাউল কৰিমৰ ভৰিত ধৰি কান্ধি কান্ধি সহায় কৰাৰ বাবে দাবী জনায়।
প্ৰায় আধা ঘণ্টা সময় ধৰি ভূক্তভূগী পৰিয়াল কেইটা কান্ধি কান্ধি আবেগিত হৈ পৰাত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। ফলত আমছুৰ সভাপতি গৰাকীয়ে সাংবাদিকৰ আগত কয়, মাতিনেৰ চৰত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক বা চৰকাৰী কাৰ্যালয় হোৱাত আমাৰ কোনো আপত্তি নাই, কিন্তু আমাক জীয়াই থকাৰ বাবে আশ্ৰয় দিয়ক, আমাক আশ্ৰয় নিদি উচ্ছেদ কৰিলে আমি কেতিয়াও মানি নলও, অন্যথায় আমি সমগ্ৰ অসমজুৰি আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হম বুলি চৰকাৰ তথা জিলা প্ৰশাসনক আমছুৰ সভাপতি গৰাকীয়ে এক প্ৰকাৰে হুমকি প্ৰদান কৰে।
প্ৰশ্ন হয়, এই সকল লোক কিয় চৰকাৰী ভূমিত এইদৰে আশ্ৰয় লবলগীয়া হৈছে। আচলতে মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰি জিলাখনৰ একাংশ স্থানৰ পৰা এই সকল লোক মাটি-ভেটি হেৰুৱাই লাখ লাখ টকাৰ বিনিময়ত এই চৰকাৰী ভূমি ক্ৰয় কৰি ২০-২৫ বছৰ ধৰি আশ্ৰয় লৈ আছে। কিন্তু মাতিনেৰ চৰত জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক আৰু কেবাটাও চৰকাৰী কাৰ্যালয় নিৰ্মাণৰ বাবে জিলা প্ৰশাসনে উপযুক্ত ভূমি বিচাৰি নোপোৱাত এই স্থান বাছনি কৰি দুই শতাধিক পৰিয়ালক প্ৰায় দুবছৰ পূৰ্বে নতুনকৈ ভূমি আৱণ্টন দি উচ্ছেদ কৰিছিল।
লগতে পঢ়ক : মই গল্ড আনিব নোৱাৰিলো, প্ৰতিশ্ৰুতি দিছো পেৰিছ অলিম্পিকত গ’ল্ড আনিমঃ লাভলীনা
ইয়াৰে অৰ্ধ শতাধিক পৰিয়াল চৰকাৰী ভূমি আৱণ্টনৰ নথি পত্ৰ লাভ কৰিছে যদিও এতিয়ালৈ চৰকাৰীভাৱে মাটি চমজাই দিয়া হোৱা নাই। একেদৰে একাংশ পৰিয়ালক এখন দ-বিলৰ মাজত ভূমি আৱণ্টন দিয়াত তেওঁলোকে সেই স্থানত ঘৰ সাজিবলৈ সক্ষম হোৱা নাই। এই স্থানৰ কাষতেই চৰকাৰীভাৱে একাংশ ধনী শ্ৰেণীৰ লোকক চৰকাৰীভাৱে লাখ লাখ টকাৰ বিনিময়ত ভূমি আৱণ্টন দিয়াৰ অভিযোগ উত্থাপন হৈছে। পুঁজিপতি লোকক ওখ স্থানত ভূমি আৱণ্টন দিয়াৰ পৰিবৰ্তে দুখীয়া ভূমিহীন দৰিদ্ৰ লোকক বিল, দ খাল আদিত ভূমি আৱণ্টন দিয়া ঘটনাক কোনো কাৰণতে মানি লোৱা নহ’ব বুলিও আমছুৰ সভাপতি গৰাকীয়ে মন্তব্য কৰে।